অসম লাইভ ২৪ঃ অন্ত পৰিল প্ৰধানমন্ত্ৰী মোদীৰ ই-নিলাম প্ৰক্ৰিয়া৷ নৰেন্দ্ৰ মোদীৰ ই-নিলামত সৰ্বাধিক দৰত নিলাম নীৰজ চোপ্ৰাৰ জেভলিন৷ তৃতীয় পৰ্যায়ৰ ই-নিলাম প্ৰ্ৰক্ৰিয়াত ১.৫ কোটি টকাত নিলাম হয় টকিঅ’ অলিম্পিকত সোণৰ পদক পাবলৈ সক্ষম হোৱা নীৰজ চোপ্ৰাৰ জেভলিন৷ প্ৰধানমন্ত্ৰীক উপহাৰৰূপে দিছিল এই বিশেষ জেভলিন৷ তৃতীয় পৰ্যায়ৰ নিলাম অনুষ্ঠিত হৈছিল ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ৷ ইফালে, লাভলীনাৰ বক্সিং গ্ল’ভচ নিলাম হয় ৯১ লাখ টকাত৷ উল্লেখ্য, নিলামযোগে লাভ কৰা ধনৰাশি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নমামি গংগা অভিযানত ব্যৱহাৰ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















