নেপালত আকৌ মৃত্যুমিছিল। এইবাৰ প্ৰকৃতিয়ে নেপালত সৃষ্টি কৰিছে বিভীষিকাৰ। ছেপ্টেম্বৰৰ মাজভাগত চৰকাৰ বিৰোধী আন্দোলন চলাৰ সময়ত নেপালত প্ৰাণ হেৰুৱাইছিল কমেও ৭২গৰাকী লোকে। তাৰপিছতেই এতিয়া বানপৰিস্থিতিত প্ৰায় ৫১ জন লোকে প্ৰাণ হেৰুৱাইছে। নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত ভূমিস্খলন আৰু বানে নেপালত লৈছে ভয়ংকৰ ৰূপ। শেহতীয়া আপডেট অনুসৰি মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
বানত নিখোঁজ হৈ আছে বহুজন। এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈছে নেপালৰ কোশী, গণ্ডক, বাগমতীৰ দৰে একাধিক নৈ। দেশৰ প্ৰায় অংশই এতিয়া জলমগ্ন হৈ আছে। বতৰ বিজ্ঞানৰ তৰফৰ পৰা জাৰি কৰা পূৰ্বাভাষ অনুসৰি আগন্তুক ২৪ ঘণ্টাত বৰষুণৰ সম্ভাৱনাও আছে। ভূমিস্খলনত খহি পৰিছে দেশৰ একাধিক গুৰুত্বপূৰ্ণ ৰাস্তা আৰু হাইৱে। ইতিমধ্যে যোগাযোগো বিচ্ছিন্ন হৈ পৰিছে বহু অঞ্চলত। চেষ্টা কৰিও একাধিক স্থানলৈ যাব পৰা নাই উদ্ধাৰকাৰী দল। আৱদ্ধ হৈ পৰিছে দেশী বিদেশী বহু পৰ্যটকো। তেওঁলোকক নিৰাপদ স্থানত অৱস্থান কৰিবলৈ পৰামৰ্শ দিছে প্ৰশাসনে। ইতিমধ্যে সেনাবাহিনী মোতায়েনো কৰা হৈছে বান বিধ্বস্ত এলেকাত উদ্ধাৰকাৰ্য চলাবৰ বাবে।
দুৰ্যোগ মোকাবিলাৰ বাবে চুবুৰীয়া দেশৰ কাষত থকাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছচিয়েল মিডিয়া পোষ্টযোগে তেওঁ লিখিছে, প্ৰবল বৃষ্টিপাতত নেপালত যি পৰিমাণে ক্ষতি আৰু প্ৰাণহানি হৈছে এয়া খুবেই দুখজনক। এই বেয়া সময়ত আমি নেপাল চৰকাৰ আৰু নাগৰিকৰ কাষত আছো। চুবুৰীয়া বন্ধু দেশ হিচাপে বিধ্বস্ত নেপালক যিকোনো প্ৰয়োজনত সহায় কৰাটো আমাৰ প্ৰাথমিক কৰ্তব্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















