ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি
যুদ্ধত পাকিস্তানক বেয়াকৈ পৰাস্ত কৰাৰ পিছত ১৯৭২ চনৰ জিৰ দিনটোতে অৰ্থাৎ ১৯ মাৰ্চ তাৰিখে ভাৰত আৰু বাংলাদেশৰ মাজত ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। পাকিস্তানী সেনাৰ অত্যাচাৰ বাঢ়ি যোৱাৰ পাছত অৱশেষত ভাৰতৰ সহায়ত বাংলাদেশী জনসাধাৰণে তেতিয়া পাকিস্তানক পৰাস্ত কৰিছিল।
১৯৭১ চনত পাকিস্তানে ৯৩ হাজাৰ সৈনিকৰ সৈতে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছত ভাৰতে প্ৰথমে পূব পাকিস্তানক বাংলাদেশ নামেৰে নতুন দেশ হিচাপে অনুমোদন জনায়। আৰু ভাৰত আৰু বাংলাদেশে বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পিছত দুয়োখন দেশৰ মাজত গভীৰ বন্ধুত্ব আৰু সুসম্পৰ্কৰ ভেটি স্থাপন কৰা হয়।
এই সন্ধিৰ পিছত দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক নতুন যুগ আৰম্ভ হয়। আজি এই ঘটনাৰ প্ৰায় ৫৩ বছৰ পাৰ হৈ গ’ল। বছৰ বছৰ ধৰি দুয়োখন দেশৰ মাজত বহু উত্থান-পতন ঘটিছে।
১৯৭১ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক অতি সুদৃঢ় হৈ আছিল। বন্ধুত্ব সন্ধিত উল্লেখ কৰা উমৈহতীয়া মূল্যবোধসমূহৰ ভিতৰত ঔপনিৱেশিকতাবাদৰ নিন্দা আৰু অসংলগ্নতা গুৰুত্বপূৰ্ণ বিষয় আছিল। দুয়োখন দেশে ইজনে সিজনক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে সংস্কৃতি, শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰসাৰ ঘটাব।
কিন্তু আজি ভাৰত-বাংলাদেশৰ সম্পৰ্কত কিছু জটিলতা আহি পৰিছে। পাছে এটা সময়ত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কক বিশ্বৰ বাবে এক আদৰ্শ হিচাপে গণ্য কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ