অসম লাইভ ২৪ঃ বিতৰ্কিত ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চৌকচীৰ বৃহৎ পৰিমাণৰ সম্পত্তি চৰকাৰী বেংকলৈ স্থানান্তৰিত। ED য়ে মুঠ ৯৩৭১.১৭ কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছে চৰকাৰী বেংকলৈ। তিনিওগৰাকী ব্যৱসায়ীয়ে নিজৰ কোম্পানীৰ জৰিয়তে ২২,৫৮৬.৮৩ কোটি টকাৰ হৰলুকি কৰিছিল বেংকৰ পৰা। ED য়ে ৮০ শতাংশ সম্পত্তি জব্দ কৰিছে বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চৌকচীৰ পৰা। CBIৰ গোচৰৰ ভিত্তিত edয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি বিদেশত থকা সম্পত্তি তথা লেন-দেন সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। তিনিওয়ে নিজৰ নিয়ন্ত্ৰণাধীন ভুৱা কোম্পানীৰ জৰিয়তে বৃহৎ পৰিমাণৰ জালিয়াতি সংঘটিত কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে। ED য়ে ১৮,১৭০.০২ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত বিদেশত থকা ৯৬৯ কোটি সম্পত্তিএ আছে। বৰ্তমানলৈকে মুঠ সম্পত্তিৰ ৮০.৪৫ শতাংশ জব্দ কৰিছে edয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ