চন্দ্ৰৰ শিলৰ নমুনা পৃথিৱীলৈ অনা প্ৰস্তুতি, ২০২৭ত সম্ভৱ হৈ উঠিব সকলো
মিছন চন্দ্ৰযান-৪, চন্দ্ৰযান ৪ মুকলি কৰাৰ প্ৰস্তুতি কৰিছে ভাৰতে। লক্ষ্য লৈছে ২০২৭ চনত চন্দ্ৰযান-৪ উৎক্ষেপণ কৰি চন্দ্ৰৰ পৰা শিলৰ নমুনা লৈ আনিব পৃথিৱীলৈ।
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে ২০২৭ চনত চন্দ্ৰযান মিছন ৪ আৰম্ভ হ’ব। এই অভিযানৰ জৰিয়তে চন্দ্ৰৰ শিলৰ নমুনা পৃথিৱীলৈ অনা হ’ব।
তেওঁ কয় যে চন্দ্ৰযান-৪ক দুটা পৃথক উৎক্ষেপণত পাঁচটা ভিন্ন উপাদান কঢ়িয়াই অনা উচ্চ ক্ষমতাসম্পন্ন এলভিএম-৩ ৰকেটেৰে কক্ষপথলৈ লৈ যোৱা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে চন্দ্ৰযান ৪ অভিযানৰ উদ্দেশ্য হৈছে চন্দ্ৰৰ পৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ অনা।
বৰ্তমানলৈ এই ক্ষেত্ৰত কেৱল চীনে সফলতা লাভ কৰিছে চন্দ্ৰ পৃষ্টৰ পৰা নমুনা সংগ্ৰহ কৰাত। এতিয়া ভাৰত সেই মিছনত ব্যস্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















