সন্মানীয় ড০ ডিগ্ৰী লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ
২০২৪ চনৰ ২৭ আগষ্ট মঙলবাৰে আজি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (University of Science and Technology Meghalaya )ৰ দশম সমাৱৰ্তন (Convocation ) অনুষ্ঠানত মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে বিভিন্ন উপাচাৰ্য, শিক্ষাবিদ, বিশিষ্ট অতিথি, আৰু হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপস্থিত হৈছে।
আজিৰ এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী বিশিষ্ট সাংস্কৃতিক ব্যক্তিক সন্মানীয় ডাক্তৰ অৱ লেটাৰ্ছ (ডি.লিট) ডিগ্ৰী প্ৰদান কৰা হ’ব। অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু মেঘালয়ৰ প্ৰখ্যাত পপ-ৰক শিল্পী লৌ মাজাউৱে ৰাজ্যপালৰ এই সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিব।
গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু দানবীৰ হিচাপে উল্লেখযোগ্য অৱদান আগবঢ়োৱা জুবিন গাৰ্গ বহুমুখী প্ৰতিভা বিশেষকৈ গাণৰ বাবে বিখ্যাত। তেখেতৰ কৰ্মৰাজি অসমীয়া, বাংলা, আৰু বলীউডৰ সংগীত আৰু চলচ্চিত্ৰক সামৰি লৈছে।
আনহাতে ভাৰতৰ বব ডিলান বুলি নাম থকা লৌ মাজাউ আজি এই একে সন্মান লাভ কৰিব। তেওঁ এজন গল্পকাৰ, সামাজিক মন্তব্যকাৰী, আৰু সাংস্কৃতিক আইকন, যাৰ শক্তিশালী কণ্ঠ আৰু গীতৰ কথাই প্ৰেম, বেদনা আৰু খাচী জীৱনশৈলীৰ সাৰমৰ্মক ধৰি ৰাখিছে।
২৭ আগষ্টৰ পুৱা ১১ বজাৰ পৰা ইউ এছ টি এমৰ চেণ্ট্ৰেল অডিটৰিয়ামত সমাৱৰ্তন আৰম্ভ হৈছে। এই অনুষ্ঠানত মুঠ ১৬৩৯ গৰাকী স্নাতকে ডিগ্ৰী লাভ কৰিব, য’ত ১৭ জন পি এইচ ডি। ইয়াৰ বাহিৰে ৯০৬ গৰাকী স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী, আৰু ৭১৬ গৰাকী স্নাতক ছাত্ৰ-ছাত্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ