অসম লাইভ ২৪ঃ বিগত বৰ্ষৰ দৰে অসমত পুনৰ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যবাসীলৈ কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ। ৰাজহুৱা স্থান আৰু সামাজিক অনুষ্ঠানত ব্যক্তিৰ উপস্থিতিৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। সম্পূৰ্ণ কোভিড প্ৰট’কল মানিহে আয়োজন কৰিব পাৰিব সামাজিক অনুষ্ঠান। গুৱাহাটী ৰে’ল ষ্টেচনত দেওবাৰে ১৯ গৰাকীৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি। ৰাজ্যত ৪০৫ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত। কামাখ্যা ধামত ৩ জন লোক ক’ৰোনাত আক্ৰান্ত।
ভাৰততো প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ১,৪৫,৩৮৪ গৰাকী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰ, ছত্তিশগড়, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, তামিলনাডু, কেৰালা, মধ্য প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানত সৰ্বাধিক বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। সম্প্ৰতি দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১.৩৩ কোটিলৈ আৰু মৃত্যুৰ সংখ্যা হৈছে ১.৬৯ কোটি। বিগত ২৪ ঘণ্টাত ভাৰতত মৃত্যু হৈছে ৮৩৯ গৰাকী কোভিড ৰোগী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ