কাইলৈ অৰ্থাৎ ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। মুখ্যমন্ত্ৰীৰ ওপজা দিনত শুভেচ্ছা জনাবলৈ মাজুলীৰ পৰা গুৱাহাটীলৈ আহিব ৪৭ জন ভাগিন। মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ আৰু শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ৬ বছৰ বয়সৰ পৰা ১৬ বছৰ বয়সলৈকে মুঠ ৪৭ জন বৈষ্ণৱ ভাগিনক গুৱাটীলৈ নিমন্ত্ৰণ জনাইছে মামাই। বৈষ্ণৱ ভাগিনে মুখ্যমন্ত্ৰীৰ সন্মুখত জন্মদিনৰ উপলক্ষে প্ৰদৰ্শন কৰিব সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাগত মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য আদি।
কাইলৈ পুৱা মাজুলীৰ পৰা দুখন বিশেষ বাছেৰে ভাগিন সকলে যাত্ৰা আৰম্ভ কৰিব। বৈষ্ণৱ ভাগিনসকলে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে কাজিৰঙা, গুৱাহাটীৰ তাৰকাগৃহ, চিৰিয়াখানা চোৱাৰ লগতে নিশালৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত একেলগে এসাঁজ ভাত খাব মামা-ভাগিনে। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ ড০ হিমন্ত বিশ্ব শৰ্মা মাজুলীলৈ যাওঁতে উদাসীন পৰম্পৰা ৰক্ষা কৰি সত্ৰসমূহক সমৃদ্ধ কৰি ৰখা শিশু বৈষ্ণৱ অৰ্থাৎ ভাগিন সকলকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰোঁতে তেওঁলোকক এদিন গুৱাহাটী ফুৰাবলৈ নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু একেলগে এসাজ খোৱাৰ কথা কৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ