১ এপ্ৰিলৰ পৰা সলনি হৈছে পেন কাৰ্ডৰ নিয়ম। এতিয়া আবেদনৰ বাবে অতিৰিক্ত নথি-পত্ৰৰ প্ৰয়োজন হ’ব। ইয়াৰ লগতে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত নতুন সীমা আৰোপ কৰা হৈছে। ইয়াৰ ফলত বৃহৎ লেনদেনৰ নিৰীক্ষণ বৃদ্ধি পাব আৰু প্ৰক্ৰিয়াটো অধিক কঠোৰ হ’ব।
PAN বনোৱাৰ নিয়মৰ পৰিৱৰ্তন
এতিয়া পান কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত আৰু কেৱল আধাৰ কাৰ্ডেই যথেষ্ট নহয়। পূৰ্বে কেৱল আধাৰেই যথেষ্ট আছিল, যদিও এতিয়া আপুনি অতিৰিক্ত বয়স আৰু পৰিচয় প্ৰমাণিত নথি-পত্ৰ, যেনে জন্মৰ প্ৰমাণপত্ৰ, ভোটাৰ আইডি, পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স, দশম শ্ৰেণীৰ মাৰ্কশ্বীট, বা দণ্ডাধীশৰ দ্বাৰা জাৰি কৰা শপতনামা আদি দিব লাগিব।
আন এটা ডাঙৰ পৰিৱৰ্তন হ’ল পান কাৰ্ডত আপোনাৰ নামটো এতিয়া আধাৰ কাৰ্ডত থকা নামটোৰ সৈতে হুবহু একে হ’ব। অৰ্থাৎ দুয়োটাৰ মাজত কোনো অমিল থাকিব নালাগে। তদুপৰি চৰকাৰে শীঘ্ৰে নতুন পান আবেদন প্ৰ-পত্ৰ মুকলি কৰিব।
নতুন পান লাভ কৰিবলৈ বা সবিশেষ আপডেট কৰিবলৈ আপুনি প্ৰটিন ই-গভ টেকন’লজিছ, ইউটিআই ইনফ্ৰাষ্ট্ৰাকচাৰ টেকন’লজি এণ্ড চাৰ্ভিচেছ লিমিটেড আৰু আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে।
পান ব্যৱহাৰৰ সৈতে জড়িত নতুন নিয়ম
এতিয়া বিত্তীয় লেনদেনত পান ব্যৱহাৰ কৰাটো বাধ্যতামূলক। এবছৰৰ ভিতৰত বেংকত জমা ধন বা ১০ লাখ টকা বা তাতকৈ অধিক ধন উলিওৱাৰ বাবে পান কাৰ্ডৰ প্ৰয়োজন হ’ব। পূৰ্বে এই নিয়ম এদিনতে ৫০,০০০ টকা পৰ্যন্ত জমা ধনৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল।
প্ৰিমিয়াম যিয়েই নহওক কিয়, বীমাৰ বাবে এতিয়া আৰম্ভণিৰে পৰাই পান প্ৰদান কৰাটো বাধ্যতামূলক হ’ব। ২০ লাখ (পূৰ্বতে ১০ লাখ টকা)তকৈ অধিক সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ লেনদেনৰ বাবে এতিয়া পেন প্ৰদান কৰিব লাগিব। হোটেল, ৰেষ্টুৰেণ্ট, বা ১ লাখতকৈ অধিক অনুষ্ঠানত নগদ ধনৰ বিলৰ বাবে পেন (পূৰ্বতে ৫০,০০০ টকা)ৰ প্ৰয়োজন হ’ব। সামগ্ৰিকভাৱে এই নতুন নিয়মসমূহ পেন ব্যৱহাৰক অধিক স্পষ্ট আৰু সহজ কৰি তোলাৰ লগতে বৃহৎ লেনদেনৰ অধিক নিৰীক্ষণ সম্ভৱপৰ কৰি তোলা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















