দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱাৰ দিশে ৰেখা গুপ্তা, তালিকাৰ শীৰ্ষত নাম
আজি ১৯ ফেব্ৰুৱাৰী সন্ধিয়াৰ ভিতৰত ঘোষণা কৰিব পাৰে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। তালিকাত কেইবাগৰাকীৰো নাম। এইবাৰ দিল্লীয়ে পাব পাৰে তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী। মুখ্যমন্ত্রী পদৰ বাবে যিবোৰ নামত আটাইতকৈ বেছি চর্চা হৈছে, তাৰ ভিতৰত ৰেখা গুপ্তাৰ নাম শীৰ্ষত।
শলিমাৰ বাগৰ আসনৰ পৰা জয়লাভ কৰি বিধানসভাত স্থান লাভ কৰিছে ৰেখা গুপ্তাই। দিল্লী বিধানসভাৰ নির্বাচনত জয়লাভ কৰাৰ পাছত সকলোৰে দৃষ্টি নতুন মুখ্যমন্ত্রীজনৰ ওপৰত৷ আজি সন্ধিয়া বিজেপি বিধানসভা দলৰ বৈঠক।
সূত্ৰ অনুসৰি ৰেখা গুপ্তাৰ নাম মুখ্যমন্ত্ৰী হিচাপে আগবাঢ়ি আছে। ৰেখা গুপ্তাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা। দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) সম্পাদিকাও কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰেখা গুপ্তাৰ নগৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ সৈতে সংযোগ থকা বুলি জনা যায়।
ৰেখা গুপ্তা বৈশ্য সম্প্ৰদায়ৰ। এই সম্প্ৰদায়ৰ দিল্লীত এটা ভাল ভোট বেংক আছে। বৈশ্য সম্প্ৰদায়ক ভাৰতীয় জনতা পাৰ্টিৰ মূল ভোটাৰ হিচাপে গণ্য কৰা হয়। যাৰ বাবেই নতুন মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাৰ নাম ঘোষণা কৰিব পাৰে বিজেপিয়ে।
উল্লেখ্য় যে, বৰ্তমান দেশত বিজেপি শাসনাধীন ৰাজ্যত এগৰাকীয়ো মহিলা মুখ্যমন্ত্ৰী নাই। সূত্ৰৰ পৰা জানিব পৰা মতে, মুখ্যমন্ত্ৰী পদৰ বাবে ৰেখা গুপ্তাৰ দাবী আন নেতাতকৈ অধিক। তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা আৰু জনপ্ৰিয়তাক বিবেচনা কৰিলে বিজেপিয়ে তেওঁক দায়িত্ব দিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ