১ এপ্ৰিলৰ পৰা চিম কাৰ্ড সন্দৰ্ভত কৰিব নোৱাৰিব এই কাম, চৰকাৰে বান্ধি দিলে নিয়ম
ভুৱা চিম কাৰ্ডৰ বিক্ৰী বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰত চৰকাৰৰ টেলিকম বিভাগে চিম কাৰ্ড ডিলাৰৰ বাবে ভেৰিফিকেচন বাধ্যতামূলক কৰিছে। টেলিকমিউনিকেচন বিভাগে চিম কাৰ্ড ডিলাৰক পৰীক্ষণৰ বাবে ৩১ মাৰ্চ, ২০২৫ পৰ্যন্ত সময় দিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দূৰসংযোগ বিভাগক নিৰ্দেশ দিছিল যে চিম কাৰ্ড সংযোগৰ বাবে আধাৰ ভিত্তিক বায়’মেট্ৰিক পৰীক্ষণ বাধ্যতামূলক কৰিব লাগে। এতিয়া ড’টে সকলো টেলিকম কোম্পানীক ডিজিটেল ইন্টিগ্ৰেটেড সংস্কৰণ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে।
যদি কোনো ডিলাৰে ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত বায়’মেট্ৰিক ভেৰিফিকেচন কৰি নিজৰ ডিলাৰশ্বিপ পঞ্জীয়ন নকৰে, তেন্তে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা সেই ব্যৱসায়ীয়ে চিম কাৰ্ড বিক্ৰী কৰিব নোৱাৰিব। এই সন্দৰ্ভত ড’টে সকলো মোবাইল অপাৰেটৰ, টেলিকম কোম্পানী, এজেণ্ট আৰু ডিষ্ট্ৰিবিউটৰক অতি সোনকালে ভেৰিফিকেচন সম্পূৰ্ণ কৰিবলৈ কয়।
২০২৩ চনৰ আগষ্ট মাহত চৰকাৰে প্ৰথমে চিম কাৰ্ড ডিলাৰৰ বাবে বায়’মেট্ৰিক ভেৰিফিকেচন বাধ্যতামূলক কৰিছিল। ইয়াৰ পিছত টেলিকম কোম্পানীক ১২ মাহৰ সময় দিয়া হৈছিল। কিন্তু অসম্পূৰ্ণ পৰীক্ষণৰ বাবে এই সময়সীমা ড’টিয়ে কেইবাবাৰো বৃদ্ধি কৰিছে। এতিয়া বিভাগে ৩১ মাৰ্চলৈ সময় দিছে।
এতিয়া ড’টে স্পষ্টকৈ উল্লেখ কৰিছে যে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা যিসকল এজেণ্টৰ ভেৰিফিকেচন সম্পূৰ্ণ হৈছে তেওঁলোকেহে চিম কাৰ্ড বিক্ৰী কৰিব পাৰিব। যদি কোনোবাই বায়’মেট্ৰিক ভেৰিফিকেচন অবিহনে প্ৰৱঞ্চনাৰে চিম কাৰ্ড বিক্ৰী কৰি ধৰা পৰে তেন্তে এনে ডিলাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ