অসম লাইভ ২৪ঃ কোভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ। মঙলবাৰে সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে নতুন SOP। পূৰ্বৰ তুলনাত কিছু শিথিলতা প্ৰদান কৰা হৈছে শেহতীয়া SOPত। কিন্তু বৰ্তমানেও প্ৰত্যাহাৰ কৰা নাই কাৰ্ফিউ। ৩১ জুলাই পৰ্যন্ত আন্তঃজিলা যাতায়াত বন্ধ থকাৰ কথা ঘোষণা কৰে চৰকাৰে। ৰাজ্যৰ ২৭ খন জিলাত পূর্বৰ নিয়ম অব্যাহত থাকিব। ৩ খন জিলাত বিয়লি ২ বজালৈ কার্ফিউ অব্যাহত। শিথিল কৰা হৈছে যোৰহাট, বিশ্বনাথ, শোণিতপুৰত কার্ফিউ। যোৰহাট, বিশ্বনাথ, শোণিতপুৰত দিনৰ ২ বজাৰ পৰা কাৰ্যকৰী হ’ব কার্ফিউ। গোলাঘাট, লখিমপুৰত অব্যাহত থাকিব সম্পূর্ণ কার্ফিউ। সম্পূৰ্ণ কাৰ্ফিউ থকা জিলাসমূহৰ হোটেল, ৰেষ্টুৰেণ্টত বহি খাব নোৱাৰিব গ্ৰাহকে। কঠোৰ নীতি বান্ধি দিছে প্ৰশাসনে। কামপৰূপ মহানগৰকে ধৰি ২৫ জিলাত ৫ বজাৰ পৰা কার্ফিউৰ ঘোষণা। ৩১ জুলাইৰ পিছত প্ৰকাশ পাব পৰৱৰ্তী SOP।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ