অসম লাইভ ২৪ঃ বাঘবৰৰ অপৈনত বয়সৰ এহাল প্ৰেমিক-প্ৰেমিকা। বুকুত হাজাৰ সপোন বান্ধি প্ৰেমৰ বাটেৰে আগবাঢ়িল দুয়ো। ১৪ বছৰীয়া প্ৰেমিকাক পলুৱাই নিলে ১৫ বছৰীয়া নাবালক প্ৰেমিকে। কিন্তু পাছৰ পৰিস্থিতিয়ে আউল লগালে প্ৰমিক যুগলৰ সপোনত। প্ৰেমিকাৰ পৰিয়ালে এজাহাৰ দাখিল কৰিলে প্ৰেমিকৰ বিৰুদ্ধে। কাৰণ ১৫ বছৰীয়া প্ৰেমিক পূৰ্ব বিবাহিত। তাকে লৈ চিন্তিত নাবালিকাৰ পিতৃ-মাতৃ। প্ৰতাৰণাৰে নিজ কন্যাক পলুৱাই নিয়াৰ অভিযোগ পিতৃ-মাতৃৰ। নাবালিকাক ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ