অসম লাইভ ২৪ঃ টকিঅ’ অলিম্পিকৰ আজি ষষ্ঠ দিন। অলিম্পিকৰ ৰণক্ষেত্ৰত আৰ্চাৰ দীপিকা কুমাৰীৰ ওপৰত দৃষ্টি নিবদ্ধ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ। বিয়লি ২.১৪ বজাত ভাৰতীয় আৰ্চাৰগৰাকী অৱতীৰ্ণ হয় মহিলাৰ চিংগলচ এলিমিনেচন ৰাউণ্ডত। টকিঅ’ অলিম্পিকত এটাৰ পাছত আন এটা দুখজনক খবৰে ভাৰতীয় ক্ৰীড়ানুৰাগীক আশাহত কৰাৰ সময়তে আজি পুৱা ডিফেণ্ডিং বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৰ অগ্ৰগতিৰ খবৰে কিছু আশাৰ বতৰা কঢ়িয়াইছে ভাৰতীয় টীমলৈ। প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ ভাৰতৰ বেডমিন্টন তাৰকা পি ভি সিন্ধু। হংকঙৰ প্ৰতিপক্ষৰ বিৰুদ্ধে ২১-৯, ২১-১৬ ব্যৱধানত জয়ী হয় খেলুৱৈগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ