অসম লাইভ ২৪ঃ আজি শপত ল’লে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাচৱাৰাজ বোম্মাইয়ে। ৰাজ্যপাল থাৱৰ সিং গেহলটে শপত বাক্য পাঠ কৰোৱায় বোম্মাইক। বুধবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বানপানী সমস্যা আৰু কোভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেট বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। উত্তৰ কৰ্ণাটকৰ হাভেৰি জিলাৰ ছিগগাঁৱৰ পৰা বিজেপিৰ তিনিবাৰৰ বিধায়ক আছিল বোম্মাই। কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে বাচৱাৰাজ বোম্মাইয়ে। উল্লেখ্য, সোমবাৰে পদত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰাপ্পাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ