আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত এখন পোষ্টাৰে শিৰোনাম দখল কৰিছে। পোষ্টাৰখনত লিখা আছে, “We Will Kill Trump…”, এই পোষ্টাৰখনত লোহাৰ ৰডৰ পিছত বন্দী হৈ থকা ট্ৰাম্পক এখন হাতেৰে লোহাৰ ৰডত ধৰি দুখ মনেৰে থিয় হৈ থকা দেখা গৈছে। এই পোষ্টাৰখন তেহৰাণৰ এংহেলাব চৌহদত লগোৱা হৈছে।
এই পোষ্টাৰখনত ট্ৰাম্পৰ কাষত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এখন ছবি ৰখা হৈছে। নেতানিয়াহুৰ ছবিখনত ক্ৰছ চিহ্নিত কৰা হৈছে। একেদৰে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ এখন ছবিও পোষ্টাৰত আছে। সঁচাকৈয়ে ইজৰাইলৰ নিৰ্বাচনত নেতানিয়াহুও চৰকাৰ গঠনৰ কোনো অৱস্থাত নাই।
ইফালে ভাৰতত থকা ইৰাণৰ দূতাবাসৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। ইয়াত ট্ৰাম্পক বিপজ্জনক আৱৰ্জনা পেলনীয়া ঠাইত পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছে ‘আমেৰিকাৰ মধ্যকালীন নিৰ্বাচন’। ভিডিঅ’টোত ডেম’ক্ৰেটিক দলৰ একাংশ নেতাই ট্ৰাম্পক হোৱাইট হাউছৰ পৰা উলিয়াই ডাষ্টবিনলৈ লৈ যোৱাও দেখা গৈছে।
ইৰাণৰ সৈতে যুদ্ধৰ বাবে ট্ৰাম্পৰ পৰাজয়
এছ’চিয়েটেড প্ৰেছৰ শেহতীয়া হিচাপ অনুসৰি মধ্যকালীন নিৰ্বাচনত পৰাজয়ৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে মুদ্ৰাস্ফীতি। আমেৰিকানসকল মুদ্ৰাস্ফীতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াক ৰোধ কৰিবলৈ ট্ৰাম্প প্ৰশাসনে একো কৰা নাই। ইৰাণ যুদ্ধই মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত বাধা প্ৰদান কৰিছে।
ট্ৰাম্পে নিৰ্বাচনৰ সময়ত মুদ্ৰাস্ফীতি ৰোধ কৰাৰ অসংখ্য প্ৰতিশ্ৰুতি দিছিল যদিও জনসাধাৰণে সেইবোৰক আওকাণ কৰিছিল। নিৰ্বাচনত পৰাজয়ৰ পিছত ট্ৰাম্পৰ প্ৰথম সিদ্ধান্ত আছিল ইৰাণ আৰু ইজৰাইল সন্দৰ্ভত।
ফাইনেন্সিয়েল টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে এই সময়ত ইৰাণক আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা নাই। আমি ইৰাণৰ সৈতে কথা পাতিম আৰু তাৰ পিছত সিদ্ধান্ত ল’ম।
একে সময়তে ট্ৰাম্পে ইজৰাইলক দিয়া অৰ্থনৈতিক সাহায্য কৰ্তনৰ কথা ঘোষণা কৰিছে। পূৰ্বে আমেৰিকাই ইজৰাইলক বছৰি ৪ বিলিয়ন ডলাৰৰ সাহায্য প্ৰদান কৰিছিল যদিও এতিয়া এই কাম বন্ধ কৰি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















