এইবাৰ ঘনকান্ত গগৈৰ এনকাউণ্টাৰৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে প্ৰাক্তন বিধায়ক দেবব্ৰত শইকীয়া। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে তেওঁ এনকাউণ্টাৰটো আইনবহিৰ্ভূত বুলিও মন্তব্য কৰে। আদালতে নিৰ্দেশ দিয়াৰ পাছতো কিয় ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সংঘটিত হ’ল, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে শইকীয়াই।
তেওঁৰ অভিযোগ অনুসৰি, ঘনকান্ত গগৈয়ে নিজৰ বক্তব্য প্ৰকাশ কৰিব বিচাৰিছিল যদিও তেওঁক কথা ক’বলৈ সুযোগ দিয়া হোৱা নাছিল। আনহাতে, কোনো প্ৰভাৱশালী ব্যক্তিয়ে ঘনকান্ত গগৈক চুপাৰী দিছিল নেকি, সেই সন্দেহো প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। ঘনকান্ত গগৈৰ মৃত্যুৰ পাছত বহু গুৰুত্বপূৰ্ণ তথ্য লুকাই যোৱাৰ আশংকা প্ৰকাশ কৰি ঘটনাটোৰ গভীৰ তদন্তৰ প্ৰয়োজনীয়তাৰ ইংগিত দিয়ে দেবব্ৰত শইকীয়াই।
ইপিনে, দহাৰ দিনটোতে হেলেনা ভৰালী পৰিয়ালৰ বৰপেটাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ। উল্লেখ্য যে হেলেনা ভৰালীৰ আন এজন ভাতৃ দিলীপ ভৰালী জিলা কংগ্ৰেছৰ উপসভাপতি। শোকসন্তপ্ত পৰিয়ালৰ মাজত উপস্থিত হৈ গৌৰৱ গগৈয়ে ‘ঘনকান্তই অকলেই ইমান ভয়াৱহ কাণ্ড কৰিব নোৱাৰে, বৃহৎ মাফিয়া ঘনকান্তৰ লগত থকা’ৰ অভিযোগ কৰে।
ইফালে, ঘনকান্ত গগৈৰ মৃত্যুৰ পাছত শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ মৰোণোত্তৰ পৰীক্ষা কক্ষত উপস্থিত হয় তেওঁৰ ভাতৃ সুভাংকৰ গগৈসহ পৰিয়ালৰ আন সদস্যসকল। পৰিয়ালৰ লোকসকলে মৃতদেহটো ঘনকান্ত গগৈৰ বুলি চিনাক্ত কৰে। মৰোণোত্তৰ পৰীক্ষাৰ বাবে ঘনকান্ত গগৈৰ মৃতদেহ ডিব্ৰুগড়লৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC)ৰ নিৰ্দেশনা অনুসৰি, আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিৰ ক্ষেত্ৰত মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়ত বিশেষ নীতি-নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক। এনে ঘটনাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু আইনী প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে নিৰ্ধাৰিত নিয়মসমূহ পালন কৰিব লাগে। ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। প্ৰাক্তন বিধায়ক দেবব্ৰত শইকীয়াৰ মন্তব্য আৰু পৰিয়ালৰ উপস্থিতিৰ মাজতে ঘটনাটোৰ পৰৱৰ্তী তদন্ত তথা মৰোনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















