অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু তপন দাসৰ যুটীক পুনৰ ৰূপালী পৰ্দাত দেখিবলৈ পাব দৰ্শকে। ‘দাগ’ ছবিৰ পিছত এইবাৰ ‘অদৃশ্য’ নামৰ নতুন অসমীয়া ছবিখনৰ জৰিয়তে এক নতুন আৰু পূৰ্ণাংগ ৰূপত আৰু পৃথক চৰিত্ৰৰে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে দুই জনপ্ৰিয় অভিনেতা। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ ২৪ ঘণ্টাৰ ভিতৰতে কেৱল youtubeতেই প্ৰায় ৭ লাখ ভিউজ লাভ কৰাই ছবিখনক লৈ দৰ্শকৰ আগ্ৰহৰ উমান দিছে।
আগন্তুক ২০ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ‘অদৃশ্য’ই। ৰহস্য আৰু ৰোমাঞ্চৰে ভৰপূৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। ছবিখনৰ প্ৰযোজনা কৰিছে যতীন বৰাৰ পত্নী নৱনীতা শৰ্মাই।
নব্বৈৰ দশকৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতত চৰ্চিত হৈ অহা দুগৰাকী স্বনামধন্য অভিনেতা যতীন বৰা আৰু তপন দাস। ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰহিট ছবি ‘দাগ’ত দুয়োকে একেলগে দেখা গৈছিল। দুয়োগৰাকী অভিনেতাই বিভিন্ন ছবিত একেলগে অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ‘দাগ’ ছবিত এই দুই অভিনেতাৰ মাজৰ সংঘাত আৰু অভিনয়ৰ ৰসায়নে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল।
এইবাৰ ‘অদৃশ্য’ ছবিখনত যতীন বৰা আৰু তপন দাসৰ মাজৰ সংঘাতক ছবিখনৰ আৰম্ভণিৰ পৰা শেষলৈকে পূৰ্ণাংগ ৰূপত দেখিবলৈ পাব দৰ্শকে। যতীন বৰাই জানিবলৈ দিয়া মতে, তেওঁ তপন দাসৰ সৈতে পূৰ্বেও বিভিন্ন ছবিত অভিনয় কৰিছে যদিও ‘অদৃশ্য’ত দুয়োৰে মাজৰ সংঘাতৰ দৃশ্যসমূহ বিশেষভাৱে উপস্থাপন কৰা হৈছে।
ছবিখনৰ প্ৰযোজক নৱনীতা শৰ্মাই জানিবলৈ দিয়ে যে ‘দাগ’ ছবিত দৰ্শকে যতীন বৰা আৰু তপন দাসৰ যি অভিনয়ৰ ৰসায়ন দীৰ্ঘসময়ৰ বাবে উপভোগ কৰিছিল, সেই একেই আকৰ্ষণীয় যুটী ‘অদৃশ্য’ৰ জৰিয়তেও পুনৰ দেখিবলৈ পাব। তেওঁৰ মতে, ছবিখনত তপন দাসক এক সম্পূৰ্ণ নতুন আৰু দৰ্শকে পূৰ্বতে নেদেখা ৰূপত উপস্থাপন কৰা হৈছে। ছবিখনৰ টিজাৰ দৰ্শকে যথেষ্ট ভাল পোৱাত ছবিখনক লৈ পৰিচালক, প্ৰযোজক তথা কলা-কুশলীসকলৰ উৎকণ্ঠা আৰু আশাও বৃদ্ধি পাইছে। ৩ নৱেম্বৰত যোৰহাটৰ ইলি চিনেমা হলত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। যোৰহাট প্ৰেছ ক্লাবত উপস্থিত হৈ অভিনেতা যতীন বৰাই ছবিখনৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ‘অদৃশ্য’ ছবিখনৰ শ্বুটিঙৰ সৈতে যোৰহাটৰো বিশেষ সম্পৰ্ক আছে।
‘অদৃশ্য’ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় সংগীত পৰিচালক ৰূপম ভূঞা। ইতিমধ্যে ছবিখনৰ ‘আধলি’ শীৰ্ষক এটি গীত মুকলি কৰা হৈছে। ৰূপম ভূঞা আৰু জুবলিয়ে কণ্ঠদান কৰা গীতটোৱে ইতিমধ্যে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। গীতটোক দৰ্শক-শ্ৰোতাই আদৰি লোৱাত ছবিখনৰ সংগীতক লৈও আশাবাদী ছবিখনৰ দল।
‘অদৃশ্য’ ছবিখনত যতীন বৰা আৰু তপন দাসৰ লগতে অভিনয় কৰিছে প্ৰিয়ম পল্লৱী, প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাসকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ছিক্সথ ছেন্স ছিম্ফণী, কাদম্বৰী কানেক্টিভ প্ৰাইভেট লিমিটেড আৰু জেবি প্ৰডাকশ্বনছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।
ৰহস্য, ৰোমাঞ্চ, সংঘাত আৰু দুই জনপ্ৰিয় অভিনেতাৰ অভিনয়ৰ নতুন ৰসায়নেৰে ‘অদৃশ্য’ই অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। ট্ৰেইলাৰ মুক্তিৰ পিছতে লাভ কৰা প্ৰায় ৭ লাখ ভিউজে ছবিখনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছে। এতিয়া ২০ নৱেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ পিছত ‘অদৃশ্য’ই দৰ্শকৰ মন জয় কৰিবলৈ কিমানদূৰ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















