হেলেনা ভৰালী পৰিয়ালৰ বৰপেটাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। উল্লেখ্য যে, হেলেনা ভৰালীৰ আন এজন ভাতৃ দিলীপ ভৰালী জিলা কংগ্ৰেছৰ উপ-সভাপতি। পৰিয়ালটোৰ মাজত উপস্থিত হৈ গৌৰৱ গগৈয়ে ঘনকান্তৰ এনকাউণ্টাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে, ঘনকান্তই অকলে ইমান ভয়ংকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। ইয়াৰ আঁৰত বৃহৎ ভূমাফিয়া চক্ৰ আৰু একাংশ অদৃশ্য শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈয়ে কয় যে ঘনকান্ত বৃহৎ ভূমাফিয়া চক্ৰৰ এটা অংশহে। এই চক্ৰৰ মূল সেনাপতিজনক চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজন। তেওঁৰ অভিযোগ অনুসৰি, ঘনকান্তৰ দৰে লোকসকলে মাফিয়া চক্ৰৰ শ্বুটাৰৰ দৰে কাম কৰে। অসমত ঘনকান্ততকৈও শক্তিশালী লোক আছে, যিসকলে এয়াৰপৰ্ট আৰু গুৱাহাটীৰ প্ৰাইম লোকেশ্যনত মাটি থকা ভৰালী পৰিয়ালৰ দৰে পৰিয়ালক লক্ষ্য কৰি লয়। সেয়ে এই বৃহৎ চক্ৰৰ আঁৰত থকা মূল ব্যক্তিসকলক চিনাক্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে তেওঁ।
এনকাউণ্টাৰ বৃদ্ধি, কিন্তু অপৰাধো বৃদ্ধি: গৌৰৱ গগৈ
ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে অপৰাধৰ হাৰো দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। তেওঁৰ মতে, এনকাউণ্টাৰেই অপৰাধ নিয়ন্ত্ৰণৰ একমাত্ৰ সমাধান হ’ব নোৱাৰে। অপৰাধৰ আঁৰত থকা মূল চক্ৰ আৰু শক্তিশালী ব্যক্তিসকলক চিনাক্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ।
ঘনকান্তৰ এনকাউণ্টাৰ সন্দৰ্ভত মন্তব্য কৰি গৌৰৱ গগৈয়ে আন এক প্ৰশ্নও উত্থাপন কৰে। তেওঁ কয় যে ভৰালী পৰিয়ালক শেষ কৰা ঘনকান্তৰ এনকাউণ্টাৰ হ’ল ঠিকেই, কিন্তু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ন্যায়ৰ কি হ’ব? তেওঁলোকে কেতিয়া ন্যায় লাভ কৰিব? এই মন্তব্যৰ জৰিয়তে গৌৰৱ গগৈয়ে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি, এনকাউণ্টাৰ আৰু অপৰাধৰ আঁৰত থকা বৃহৎ চক্ৰসমূহৰ তদন্তৰ প্ৰয়োজনীয়তাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















