• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?

কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?

2 hours ago
‘২০ মাহত দুগুণ হ’ব ধন!’  নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

‘২০ মাহত দুগুণ হ’ব ধন!’ নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

22 minutes ago
বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

39 minutes ago
শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

3 hours ago
‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

3 hours ago
এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

4 hours ago
২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

4 hours ago
‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

5 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

7 hours ago
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

8 hours ago
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

8 hours ago
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?

জানক ইয়াৰ আঁৰৰ গুৰুত্বপূৰ্ণ কাৰণ

editor by editor
November 4, 2026
in অসম, বিবিধ, শিক্ষা
0
কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা। নিশাটো AMCHৰ মৰ্গতে থাকিব ঘনকান্তৰ মৃতদেহ। কাইলৈ পুৱাৰ ভাগতহে সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। এই ঘটনাৰ মাজতে বহু লোকৰ মনত উত্থাপন হ’ব পৰা এটা প্ৰশ্ন হৈছে নিশা কিয় ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰে চিকিৎসকে?

প্ৰকৃততে, ভাৰতত সাধাৰণতে সূৰ্যাস্তৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰা নহয়। সূৰ্যাস্তৰ পিছত মৰণোত্তৰ পৰীক্ষা নকৰাৰ আঁৰত আছে চিকিৎসা বিজ্ঞান, সুক্ষ্ম ফৰেনছিক পৰীক্ষা, পৰ্যাপ্ত পোহৰ, প্ৰমাণ সংৰক্ষণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এটা কথা মনত ৰখা উচিত যে ভাৰতত সূৰ্যাস্তৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ নহয়। নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিলে নিশাও মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পাৰি।

সূৰ্যাস্তৰ পিছত কিয় সাধাৰণতে মৰণোত্তৰ পৰীক্ষা কৰা নহয়?

১. আঘাতৰ চিহ্ন সঠিকভাৱে চিনাক্ত কৰাৰ বাবে

মৰণোত্তৰ পৰীক্ষাৰ সময়ত মৃতদেহত থকা আঘাতৰ চিহ্ন, ক্ষতস্থান, ৰক্তক্ষৰণ আৰু শৰীৰৰ বিভিন্ন অংশৰ ৰঙৰ পৰিৱৰ্তন ভালদৰে পৰীক্ষা কৰা হয়। এই ক্ষেত্ৰত আঘাতৰ প্ৰকৃত ৰং আৰু অৱস্থা সঠিকভাৱে চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। কৃত্ৰিম পোহৰত কেতিয়াবা শৰীৰৰ আঘাতৰ ৰঙৰ সূক্ষ্ম পৰিৱৰ্তন স্পষ্টকৈ দেখা নাযাব পাৰে। ইয়াৰ ফলত আঘাতৰ ভুল ব্যাখ্যা হোৱাৰ আশংকা থাকে। এনে ভুলে আৰক্ষীৰ তদন্ত আৰু আদালতৰ বিচাৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আগতে প্ৰাকৃতিক পোহৰত মৰণোত্তৰ পৰীক্ষা কৰাটো অধিক উপযোগী বুলি বিবেচনা কৰা হৈছিল।

২. ফৰেনছিক প্ৰমাণৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বহু অপৰাধমূলক ঘটনাৰ তদন্তত গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ হত্যা, সন্দেহজনক মৃত্যু বা আন অপৰাধৰ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে মৃত্যুৰ কাৰণ নিৰ্ণয় কৰাত সহায় কৰে। যদি পৰীক্ষাৰ সময়ত পৰ্যাপ্ত পোহৰ, প্ৰয়োজনীয় সঁজুলি বা প্ৰশিক্ষিত কৰ্মচাৰীৰ অভাৱ হয়, তেন্তে প্ৰমাণৰ সঠিকতা প্ৰভাৱিত হ’ব পাৰে। সেয়েহে নিশাৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত উপযুক্ত পোহৰ, আধুনিক সঁজুলি আৰু ভিডিঅ’ ৰেকৰ্ডিংৰ ব্যৱস্থাক বিশেষ গুৰুত্ব দিয়া হয়।

২০২১ত চৰকাৰে কি নতুন নিয়ম জাৰি কৰিছিল?

মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল ভাৰত চৰকাৰে। ২০২১ চনৰ ১৫ নৱেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সূৰ্যাস্তৰ পিছতো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অনুমতি প্ৰদান কৰি নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনা অনুসৰি, উপযুক্ত আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় সা-সুবিধা থকা চিকিৎসালয়ত নিশাও মৰণোত্তৰ পৰীক্ষা কৰিব পাৰি।

নতুন নিৰ্দেশনাৰ মূল কথাসমূহ হ’ল—

উপযুক্ত সা-সুবিধা থকা চিকিৎসালয়ত সূৰ্যাস্তৰ পিছতো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পাৰিব। চিকিৎসালয়ৰ দায়িত্বত থকা বিষয়াই নিশাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে উপলব্ধ আন্তঃগাঁথনি আৰু সা-সুবিধাৰ উপযুক্ততা নিশ্চিত কৰিব লাগিব। নিশা সম্পন্ন কৰা মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ৰেকৰ্ডিং বাধ্যতামূলক। ভিডিঅ’ ৰেকৰ্ডিং ভৱিষ্যতৰ আইনী প্ৰয়োজনৰ বাবে সংৰক্ষণ কৰিব লাগিব। অংগদানৰ সৈতে জড়িত মৰণোত্তৰ পৰীক্ষাক অগ্ৰাধিকাৰ দিয়া হ’ব। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে মৃতকৰ পৰিয়ালক অযথা অপেক্ষা কৰোৱাৰ পৰা ৰেহাই দিয়া আৰু অংগদানৰ প্ৰক্ৰিয়া সহজ কৰি তোলা।

কোনবোৰ ঘটনাৰ ক্ষেত্ৰত নিশা মৰণোত্তৰ পৰীক্ষা কৰা নহয়?

২০২১ চনৰ চৰকাৰী নিৰ্দেশনাত কিছুমান বিশেষ ধৰণৰ মৃত্যুৰ ক্ষেত্ৰত নিশাৰ মৰণোত্তৰ পৰীক্ষা নকৰাৰ কথা উল্লেখ কৰা হৈছে। সেইবোৰ হ’ল— হ*ত্যাৰ ঘটনা, চ*ৰম পন্থা, ধ*ৰ্ষণৰ সৈতে জড়িত মৃত্যু,পচি যোৱা মৃ*তদেহ, সন্দেহজনক মৃ*ত্যু যেনে মৃ*ত্যুৰ আঁৰত অপৰাধমূলক কাৰ্যকলাপ থকাৰ সন্দেহ আদি। এইধৰণৰ ঘটনাত সাধাৰণতে নিশা মৰণোত্তৰ পৰীক্ষা কৰা নহয়। অৱশ্যে আইন-শৃংখলাজনিত পৰিস্থিতি বা বিশেষ কাৰণত ব্যতিক্ৰম থাকিব পাৰে অৰ্থাৎ, সকলো ধৰণৰ মৃত্যুৰ ক্ষেত্ৰতে নিশা মৰণোত্তৰ পৰীক্ষা কৰিব পাৰি বুলি ক’ব নোৱাৰি।

(তথ্যসূত্ৰ
– Press Information Bureau (PIB), ভাৰত চৰকাৰ — ১৫ নৱেম্বৰ ২০২১
– Ministry of Health & Family Welfare — Official Memorandum
– Indian Journal of Medical Ethics — Medico-legal autopsies after sunset: Ethical issues)

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Ghanakanta Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?
অসম

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

November 4, 2026
২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’
বিনোদন

২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

November 4, 2026
‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’
অপৰাধ

‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

November 4, 2026
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ
জীৱনশৈলী

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

November 4, 2026
Next Post
বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

‘২০ মাহত দুগুণ হ’ব ধন!’  নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

'২০ মাহত দুগুণ হ'ব ধন!' নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.