গুৱাহাটী মহানগৰীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুৰ পাছতো ঘটনাক লৈ অব্যাহত আছে ব্যাপক চৰ্চা। শিৱসাগৰৰ ফুলপানীচিগাত আৰক্ষীৰ গুলীত নিহত হোৱা ঘনকান্তৰ বিৰুদ্ধে পূৰ্বৰে পৰা কেইবাটাও গোচৰ থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইয়াৰ মাজতে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ অভিযোগে নতুনকৈ গুৰুত্ব লাভ কৰিছে।
আৰক্ষীৰ অস্ত্ৰ কাঢ়ি আক্ৰমণৰ অভিযোগ
কালি আন এটা গোচৰৰ তদন্তৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ঘনকান্ত গগৈক শিৱসাগৰলৈ লৈ গৈ আছিল আৰক্ষীৰ এটা দল। যাত্ৰাপথত গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীচিগা অঞ্চলত ঘনকান্তই আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পৰা পিষ্টল কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ লগতে গুলীচালনা কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনাত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মা আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। গুৰুতৰভাৱে আহত ঘনকান্তক চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়।
মৃত্যুৰ পিছত জাপি দিছে গোচৰ
ঘনকান্ত গগৈৰ বিৰুদ্ধে পূৰ্বৰে পৰা একাধিক গোচৰ থকাৰ কথা আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। মৃত্যুৰ পিছতো ঘনকান্তৰ ওপৰত বহুকেইটা গোচৰ জাপি দিয়া হ’ব বুলি খবৰ পোৱা গৈছে। শিৱসাগৰত এটাৰ পাছত আন এটা গোচৰ ৰুজু কৰা হৈছে। এতিয়া ঘনকান্তৰ অপৰাধৰ তালিকাত যোগ হ’ব নতুনকৈ জামিন বিহীন গোচৰ।
২০২৪ চনৰ এটা বেংক ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত হৈ তেওঁক শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি, excavator ক্ৰয়ৰ বাবে জাল নথি-পত্ৰ ব্যৱহাৰ কৰি ঋণ লাভ কৰাৰ ঘটনা এই গোচৰৰ সৈতে জড়িত।ঘনকান্তৰ বিৰুদ্ধে ছটাকৈ গোচৰ থকা বুলি আৰক্ষীয়ে উল্লেখ কৰা হৈছে। আনহাতে, আৰক্ষীৰ অস্ত্ৰ কাঢ়ি আক্ৰমণ আৰু পলায়নৰ অভিযোগক লৈ নতুন আইনী পদক্ষেপৰ বিষয়টোও চৰ্চালৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















