অসম লাইভ ২৪ঃ আজিৰে পৰা অসমত কোভিডৰ নতুন SOP। ৰাজ্যত এইপৰ্যন্ত অমিক্ৰনত আক্ৰান্ত ৯ জন। ডিব্ৰুগড়, হোজাই, যোৰহাট, গুৱাহাটীত কোভিডৰ সংক্ৰমণ বৃদ্ধি। কোভিডৰ হটস্পট গুৱাহাটী। অমিক্ৰনৰ হটস্পট ডিব্ৰুগড়। ২৭ ডিচেম্বৰত কোভিডৰ টেষ্ট বৃদ্ধি। অসমত অমিক্ৰনত আক্ৰান্ত যথেষ্ট হৈছে। অমিক্ৰনৰ টেষ্ট এক দীঘলীয়া প্ৰক্ৰিয়া।
দুই-এদিনত বৃদ্ধি পাইছে কোভিডৰ আক্ৰান্তৰ সংখ্যা। কোভিডৰ বিৰুদ্ধে যুঁজৰ মূল অস্ত্ৰ টেষ্টিং। এদিনত ১ লাখ টেষ্টিঙৰ লক্ষ্য চৰকাৰৰ। অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। বিমান বন্দৰ, ৰে’লৱে ষ্টেচনত টেষ্টিং বাধ্যতামূলক। দুপালি ভেকচিন লোৱা লোকৰ বাধ্যতামূলক নহয় টেষ্টিং। ভেকচিন নোলোৱা লোকৰ বাবে বাধ্যতামূলক হ’ব টেষ্টিং।
এপালি ভেকচিন লোৱা লোকেও কৰিব লাগিব টেষ্টিং। ঘৰতে টেষ্ট কিট আনি কৰিব পাৰিব টেষ্ট। ঘৰত টেষ্ট কৰাৰ পাছত জনাব লাগিব ১০৪ত। পজিটিভ হোৱা লোকক হোম আইচ’লেচন কৰা হ’ব। ৫ দিনতে ঘৰলৈ যাব দিয়া হ’ব পজিটিভ হোৱা লোকক। পজিটিভ ব্যক্তিৰ লগত কেয়াৰ গিভাৰ থকাটো প্ৰয়োজন। এইবাৰ কোভিডৰ চিকিৎসা বিনামূলীয়া নহয়।
কেৱল BPLৰ লোকেহে পাব বিনামূলীয়া চিকিৎসা। ‘অটল অমৃত’ৰ জৰিয়তে ল’ব পাৰিব চিকিৎসা। গুৰুতৰ ৰোগীৰ বাবেহে হাস্পতালত ICUৰ বিছনা। কাইলৈৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ। ৯.৩০ বজাত বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান। মাস্ক পিন্ধাটো বাধ্যতামূলক। নিয়ম ভংগ কৰিলে ২৫ হাজাৰ টকা জৰিমনা। চিনেমা হল, ৰেস্তোৰাঁ, বাৰত একেই হ’ব নিয়ম।
ভেকচিন নোলোৱা লোকে কাৰ্যালয়লৈ আহি থাকিলে কৰ্তন হ’ব দৰমহা। No vaccine, no entry. ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ। ভেকচিন ল’লেহে মটৰ চাইকেলত দুজন লোক উঠিব পাৰিব। বিয়া, সভাত অংশগ্ৰহণৰ অনুমতি ২০০ জন লোকৰ। ডাঙৰ হলত ৫০ শতাংশ লোকৰ বাবে অনুমতি।
গধূলি সময়ত খুলিব নোৱাৰিব চুলাইৰ ঘাটি। নৱম, দশম, একাদশ শ্ৰেণীৰ সালসলনিকৈ হ’ব পাঠদান। অসমত পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ। সপ্তাহত ৩ দিনকৈ নৱম, একাদশৰ পাঠদান। গুৱাহাটীত অষ্টম শ্ৰেণীলৈ বন্ধ বিদ্যালয়ৰ পাঠদান। ৩০ জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়ৰ পাঠদান। কাৰ্ফিউ চলি থকাৰ সময়তো নৈশ বাছৰ চলাচল অব্যাহত থাকিব। আন্তঃজিলা যাতায়াত খোলা থাকিব। বাছত থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ