৩৪ বছৰৰ পাছত পুনৰ ৰূপালী পৰ্দাত মুক্তি পাবলৈ সাজু শ্ৰীদেৱীৰ ছুপাৰহিট ছবি
শেহতীয়াকৈ অনিল কাপুৰে ইনষ্টাগ্ৰামত তেওঁৰ আৰু শ্ৰীদেৱীৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে। অনিল কাপুৰে এই পোষ্টটোত ৩৪ বছৰীয়া এখন পুৰণি ছুপাৰহিট ছবি পুনৰ মুক্তি পোৱাৰ কথা শ্বেয়াৰ কৰিছে।
চিনেমাগৃহত ১৯৯১ চনত মুক্তি পোৱা লমহে পুনৰবাৰ মুক্তি পোৱাৰ খবৰ শ্বেয়াৰ কৰিছে অনিল কাপুৰে। এই পোষ্টটো স্বেয়াৰ কৰি অনিল কাপুৰে লিখিছে, “তেতিয়াও টাইমলেচ আছিল, এতিয়াও টাইমলেচ! ২১ মাৰ্চৰ পৰা ডাঙৰ পৰ্দাত চাওক লমহে।”
১৯৯১ চনৰ ৰোমান্টিক ছবি লমহেৰ কাহিনীয়ে অতীত আৰু বৰ্তমানৰ মাজত আবদ্ধ হৈ থকা বীৰেণৰ কাহিনী এটা অগতানুগতিক প্ৰেম কাহিনীৰ মাজত দেখুৱাইছিল। ছবিখনত অনিল কাপুৰে বীৰেনৰ চৰিত্ৰত অতি সুন্দৰ ৰূপত অভিনয় কৰিছিল। ছবিখনত মুখ্য নায়িকা আছিল শ্ৰীদেৱী।
ছবিখন ছবিগৃহত মুক্তি পোৱাৰ লগে লগে ইয়াৰ অনন্য কাহিনীৰ বাবেই তেতিয়াৰ সময়ত আলোচনাৰ বিষয় হৈ পৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতো ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল আৰু ছবিখনে উদ্যোগটোত কাল্ট ক্লাছিক হিচাপেও নিজৰ স্থান দখল কৰিছিল।
লমহে ছবিখনৰ কাহিনীৰ লগতে ইয়াৰ চিৰসেউজ গীত বোৰৰ বাবেও এতিয়াৰ অনুৰাগীৰ প্ৰিয়। ছবিখনৰ – গুডিয়া ৰাণী, মোৰণী বাগা মা বলে, কভি মেইন কহু, মেৰী বিন্দিয়া তেৰি নিন্দিয়া, মেঘা ৰে মেঘা আদি গীত এতিয়াও অনুৰাগীৰ পছন্দৰ।
ছবিখন যশ চোপ্ৰাই পৰিচালনা কৰিছিল আৰু ছবিখনত অনিল কাপুৰে বীৰেণৰ ৰূপত অভিনয় কৰিছিল আৰু শ্ৰীদেৱীয়ে মাতৃ-কন্যাৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। লগতে আছিল অনুপম খেৰ, ৱাহিদা ৰহমান, দীপক মালহোত্ৰা আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















