অসম লাইভ২৪ঃ
NIA আদালতত হাজিৰ হ’ল অখিল গগৈ৷
Unlawful Activities Prevention Act গোচৰত ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ৷
NIA আদলতে অখিল গগৈক দোষ মুক্ত ঘোষণা কৰি খাৰিজ কৰিছিল গোচৰ৷
কিন্তু NIAৰ আদালতক প্ৰত্যাহ্বান জনাই পুনৰ চৰকাৰী পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷
দুদিন পুৰ্বে উচ্চতম ন্যায়ালয়ে কিছু পৰিমানে সকাহ দিছিল অখিল গগৈক৷
উচ্চতম ন্যায়ালয় ২৪ তাৰিখলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি শুনানি দিছিল৷
২৪ তাৰিখৰ পুৰ্বে আজি গুৱাহাটী NIA কাৰ্যলয়ত উপস্থিত হয় অখিল গগৈ৷
NIA ৰ আদালতৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতৰ বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াও আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ