কোন হয় এই নীলা চকুৰ নীকোলাচ, যিয়ে কৰা ৬ টা ভৱিষ্যতবাণী হৈছে সঁচা, ২০২৫ক লৈ…
২০২৫ চন আৰম্ভ হৈছে আৰু নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে মানুহেও জানিব বিচাৰে যে এই বছৰত সমগ্ৰ বিশ্বতে আৰু তেওঁলোকৰ দেশত কি হ’ব? এতিয়ালৈকে মানুহে হয়তো ১৬ শতিকাৰ নষ্ট্ৰাডামাছ, দ্য লিভিং নষ্ট্ৰাডামাছ আৰু বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণীবোৰ পঢ়িছে, কিন্তু এইবোৰৰ বাহিৰেও পৃথিৱীত আন এজন ভাববাদী আছে, যিয়ে এতিয়ালৈকে যি ভৱিষ্যদ্বাণী কৰিছে তাতেই সত্য বুলি প্ৰমাণিত হৈছে।
এই ব্যক্তিজনে ২০১৮ চনত Covid-19ৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো সঁচা বুলি প্ৰমাণিত হয়। তেওঁ ৬টা ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰ সঁচা প্ৰমাণিত হৈছে। এই একেজন ভাগ্যবিদেই এতিয়া ২০২৫ চনৰ ভৱিষ্যদ্বাণী কৰিছে। এই ভাৱবাদীৰ নাম নিকোলাছ। নীলা চকুৰ বাবে বিশেষ ভাৱে জনাজাত নীকোলাছ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ব্যক্তি জন লণ্ডনৰ ৩৮ বছৰীয়া বিখ্যাত মনোবিজ্ঞানী আৰু সম্মোহন চিকিৎসক নিকোলাছ আউজলা, যিয়ে বিশ্বৰ ভৱিষ্যতৰ বিষয়ে গুৰুতৰ তথা আচৰিত আৰু ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে।
আউজলাই কয় যে ২০২৫ চনত তৃতীয় বিশ্বযুদ্ধ নিশ্চিত। ২০২৫ চনটো বিশ্বজুৰি অস্থিৰতাৰ বছৰ বুলি প্ৰমাণিত হ’ব। সমগ্ৰ বিশ্বতে দুষ্টতা আৰু হিংসা ব্যাপক হৈ পৰিব। মানুহে ইজনে সিজনক মাৰিবলৈ আৰু কামুৰিবলৈ দৌৰিব।
ধৰ্মীয় আৰু জাতীয়তাবাদী হিংসাৰ সৈতে বিশ্বজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হ’ব, যাৰ ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব। ৰাজনৈতিক অস্থিৰতা আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আমনিদায়ক হ’ব।
লগতে ইয়াকো কয় যে এইবাৰ বিজ্ঞানে ডাঙৰ চমৎকাৰ কৰিব, বিশেষকৈ চিকিৎসা খণ্ডত এইবাৰ লেবত মানুহৰ অংগ সৃষ্টি হ’ব, কিন্তু এইবাৰ প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিব। ধাৰাসাৰ বৰষুণ আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বহু চহৰ-গাঁও বানত ডুব যাব। লাখ লাখ লোক স্থানচ্যুত হোৱাৰ লগতে ঘৰ-দুৱাৰ ধ্বংস হ’ব।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ ৰাজনৈতিক কেৰিয়াৰ পতন ঘটিব। সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতিৰ শিখৰত উপনীত হ’ব। ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰ হেৰীৰ মাজত পুনৰ মিলন হ’ব।
এতিয়া এই ভৱিষ্যদ্বাণীবোৰ কিমান সত্য বুলি প্ৰমাণিত হ’ব সেয়া সময়েহে ক’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















