বিহাৰৰ শেওহৰ জিলাৰ সাধাৰণ এখন গাওঁৰ পৰা অহা নীৰজ সিং আজি ৰাজ্যখনৰ এজন লেখত ল’বলগীয়া উদ্যোগী৷ এইবাৰ তেওঁ সুৰাজ পাৰ্টিৰ প্ৰাৰ্থীও৷ মাত্ৰ ৩৮বছৰ বয়সীয়া এই উদ্যোগীৰ জীৱনযাত্ৰা কোনো এখন চিনেমাৰ গল্পতকৈ কম নহয়৷ দৰিদ্ৰ পৰিয়ালৰ পৰা অহা নীৰজ আজি ৪০০ কোটি টকীয়া ব্যৱসায়ী৷ আজি প্ৰায় ২০০০ মানুহক তেওঁ কৰ্মসংস্থাপনো দি আছে৷
নীৰজ সিঙে সৰুৰেপৰাই পৰিয়ালৰ আৰ্থিক অভাৱ দূৰ কৰিবৰ বাবে বিভিন্ন কাম কৰিছিল৷ মাত্ৰ ১৩ বছৰ বয়সতেই মাধ্যমিক পাছ কৰাৰ পাছত তেওঁ গাওঁত পেট্ৰল আৰু ডিজেল বিক্ৰি কৰি পিতৃ মাতৃক ঘৰ চলোৱাত সহায় কৰিছিল৷ কিন্তু সেই জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহে তেতিয়া যেতিয়া তেওঁ কামৰ সন্ধানত দিল্লীলৈ যায়৷ তাতেই তেওঁ ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ এবছৰ তাত কাম কৰাৰ পাছত তেওঁ পুনেলৈ যায় আৰু বেচৰকাৰী কোম্পানীৰ অফিচত এটেণ্ডেণ্ট হিচাপে যোগ দিয়ে৷ কৰ্মনিষ্ঠা আৰু অধ্যাবসায়ৰ বলতেই তেওঁ দ্ৰুত মানৱসম্পদ বিভাগত কাম কৰাৰ সুযোগ পায়৷
ইয়াৰপাছতেই ২০১০ চনত তেওঁ নিজেই শস্যৰ ব্যৱসায় আৰম্ভ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ ব্যৱসায়িক সাফল্যৰ যাত্ৰা৷ অলপ সময়ৰ ভিতৰতেই তেওঁৰ ব্যৱসায় আগবাঢ়ে৷ তেওঁ প্ৰতিষ্ঠা কৰে উষা ইণ্ডাষ্ট্ৰিজ যিয়ে ইটা, ব্লক, টাইলছ আৰু বিভিন্ন নিৰ্মাণ সামগ্ৰী তৈয়াৰ কৰে৷ বৰ্তমান তেওঁৰ কোম্পানীয়ে ৰাস্তা নিৰ্মাণ প্ৰকল্পৰ কামো কৰিছে আৰু সম্প্ৰতি তেওঁৰ এখন পেট্ৰল পাম্পো আছে৷
এই সময়ত নীৰজ সিঙৰ নিজৰ কোনো চাইকেলো নাছিল৷ প্ৰতিবেশীসকলৰ পৰাও ধাৰ লৈ কাম কৰিছিল তেওঁ৷ আজি তেওঁ একাধিক বিলাসবহুল বাহনৰ মালিক৷ তেওঁৰ এই সাফল্যৰ পিছত আছে অক্লান্ত পৰিশ্ৰম, শৃংখলা আৰু জীৱনৰ প্ৰতি অদম্য ইচ্ছাশক্তি৷ নীৰজ সিঙে বৰ্তমান তেওঁৰ পত্নী আৰু দুই সন্তানৰ আৰু পিতৃ মাতৃৰ সৈতে থাকে৷ তেওঁ আইনশাস্ত্ৰত স্নাতকো৷ তেওঁ দুই ভাতৃয়ে পাৰিবাৰিক ব্যৱসায়তেই জড়িত৷ কেৱল ব্যৱসায়েই নহয়, সমাজসেৱাতো তেওঁ সক্ৰিয়ভাৱে যুক্ত৷ তেওঁ বহু দুখীয়া পৰিয়ালক কন্যাৰ বিবাহৰ খৰচ বহন কৰিছে৷ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা আৰু বয়স্ক নাগৰিকৰ তীৰ্থযাত্ৰাৰ ব্যৱস্থাও তেওঁ কৰি আহিছে৷
সেই নীৰজেই এতিয়া জন সুৰাজ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে শেওহৰ বিধানসভাৰ পৰা নিৰ্বাচন খেলিছে৷ শুকুৰবাৰে তেওঁ মনোনয়নপত্ৰ জমা দিব৷ নিৰ্বাচনৰ পূৰ্বে তেওঁ কয়, ‘সঁচাকৈয়ে ৰাজনীতিয়ে মানুহক সলনি কৰি দিব পাৰে৷ বিহাৰত সকলো আছে প্ৰয়োজন কেৱল সেইসমূহক সঠিকভাৱে আগুৱাই নিয়াৰ ইচ্ছাশক্তি আৰু সঠিক দিক নিৰ্দেশনা৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















