অসম লাইভ ২৪ঃ পদাৰ্থ বিজ্ঞানৰ নবেল ঘোষণা৷ বিজ্ঞানী শ্য’কুৰ মানাবে, ক্ল’জ হ্যেচেলমেন আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা৷ মঙলবাৰে নবেল এচেম্বলীয়ে ঘোষণা কৰে এই পুৰষ্কাৰ৷ বিশ্বৰ জটিল ভৌতিক প্ৰণালী সন্দৰ্ভত আগবঢ়োৱা মহত্বপূৰ্ণ অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই পুৰষ্কাৰ৷ ছুইডেনৰ দ্য ৰয়েল ছুইডিছ একাডেমী অৱ ছাইঞ্চে আগবঢ়াইছে এই পুৰষ্কাৰ৷ ‘for the physical modelling of earth’s climate, quantifying variability and reliably predicting global warming’ সন্দৰ্ভত আগবঢ়োৱা অৱদানৰ বাবে শ্য’কুৰ মানাবে আৰু ক্ল’জ হ্যেচেলমেনলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে পদাৰ্থ বিজ্ঞানৰ নবেল৷ আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ ‘for the discovery of the interplay of disorder and fluctuations in physical systems fromatomic to planetary scales’ বিষয়ত আগবঢ়োৱা হৈছে নবেল বঁটা৷ বৰ্তমানলৈকে এইক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২১৬গৰাকী ব্যক্তিক স্বীকৃতি প্ৰদান কৰিছে৷
BREAKING NEWS:
The Royal Swedish Academy of Sciences has decided to award the 2021 #NobelPrize in Physics to Syukuro Manabe, Klaus Hasselmann and Giorgio Parisi “for groundbreaking contributions to our understanding of complex physical systems.” pic.twitter.com/At6ZeLmwa5— The Nobel Prize (@NobelPrize) October 5, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ