উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে সন্ধিয়া জাপান সাগৰ অভিমুখে প্ৰায় ১০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। দক্ষিণ কোৰিয়াৰ জইণ্ট চীফছ অব ষ্টাফে এই কথা প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়ান সেনাৰ মতে, বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া এই মিছাইলসমূহ নিক্ষেপ কৰা হয়। এই মিছাইলসমূহ উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ঙৰ সমীপৰ পৰা উৎক্ষেপণ কৰা বুলি জানিব পৰা গৈছে।
উত্তৰ কোৰিয়াৰ এই মিছাইল নিক্ষেপৰ ঘটনাই ইতিমধ্যে উত্তেজনাপূৰ্ণ হৈ থকা উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্কক আৰু অধিক স্পৰ্শকাতৰ কৰি তুলিছে। বৰ্তমান দক্ষিণ কোৰিয়া আৰু আমেৰিকাই একেলগে ‘উলচি ফ্ৰিডম শ্বিল্ড’ (Ulchi Freedom Shield) নামৰ বাৰ্ষিক যৌথ সামৰিক অনুশীলন চলাই আছে। এই সামৰিক অনুশীলনক লৈ উত্তৰ কোৰিয়াই পূৰ্বেও তীব্ৰ আপত্তি প্ৰকাশ কৰি আহিছে।
সাধাৰণতে এই যৌথ সামৰিক অনুশীলন প্ৰায় ১০ দিন ধৰি চলে। কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অনুশীলনৰ সময়সীমা হ্ৰাস কৰি ৫ দিন কৰাৰ সিদ্ধান্ত লৈছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন শুকুৰবাৰ, ২১ আগষ্টত শেষ হোৱাৰ কথা। এই যৌথ সন্মিলনৰ সময়তে উত্তৰ কোৰিয়াৰ এই কাৰ্যকলাপত বিশ্ব কূটনীতিত এখন নতুন যুদ্ধৰ উকমুকনিৰ আশংকা বৃদ্ধি কৰিছে। উত্তৰ কোৰিয়াই ১০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাটোৱে কোৰিয়া উপদ্বীপত সামৰিক উত্তেজনা পুনৰ বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে, এনে মিছাইল পৰীক্ষা উত্তৰ কোৰিয়াৰ সামৰিক শক্তি প্ৰদৰ্শনৰ লগতে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ যৌথ সামৰিক অনুশীলনৰ প্ৰতি এক বাৰ্তা হিচাপেও দেখা যাব পাৰে।
উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজৰ ভূ-ৰাজনৈতিক সম্পৰ্কক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ পৰিঘটনা সংঘটিত হৈছে। তাৰ পিছতে দক্ষিণ কোৰিয়াৰ সৈতে আমেৰিকাৰ সামৰিক অনুশীলনৰ মাজত উত্তৰ কোৰিয়াৰ এই নতুন মিছাইল উৎক্ষেপণে অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















