নষ্ট্ৰাডামুছৰ তৃতীয় বিশ্বযুদ্ধৰ ভৱিষ্যদ্বাণী সঁচা হ’ব নেকি? ভাৰত-পাকিস্তানৰ মাজত হ’ব নেকি এই যুদ্ধ
ফৰাচী ভাববাদী নষ্ট্ৰাডামুছৰ বিভিন্ন ভৱিষ্যদ্বাণীয়ে পূৰ্বে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ বহুদিনৰ পূৰ্বেই বিশ্ব ইতিহাসৰ গতিপথ সলনি কৰিব পৰা ডাঙৰ পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰি গৈছে। যাৰ অধিকাংশই সঁচা প্ৰমাণিত হৈছে। যেনে দ্বিতীয় বিশ্বযুদ্ধ, হিটলাৰৰ উত্থান-পতন, আমেৰিকাত ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণ।
নষ্ট্ৰাডামাছে তেওঁৰ ভৱিষ্যদ্বাণীত দাবী কৰিছিল যে তৃতীয় বিশ্বযুদ্ধও হ’ব। যাৰ বাবে এতিয়া কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত পুনৰ চৰ্চালৈ আহিছে নষ্ট্ৰাডামুছৰ তৃতী বিশ্বযুদ্ধৰ কথা।
বিগত কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সাক্ষী হৈ আহিছে। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজতো মাৰাত্মক সংঘৰ্ষ অব্যাহত আছে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতিত যদি ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধৰ সূচনা হয়, তেন্তে সেয়া তৃতীয় বিশ্বযুদ্ধলৈ পৰিণত হ’ব।
নষ্ট্ৰাডামুছে কৰা ভৱিষ্যদ্বাণী অনুসৰি, ২০১২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব। লগতে ইয়াকো কয় যে, বিশ্বাসী আৰু নাস্তিকৰ মাজত এই যুদ্ধত শান্তিৰ ৰাষ্ট্ৰদূত হিচাপে এজন ত্ৰাণকৰ্তা আহিব। তেওঁ ইউৰোপৰ নহয়, এছিয়াৰ মানুহ হ’ব। য’ত তেওঁৰ জন্ম হ’ব তাত তিনিওফালে মহাসাগৰ থাকিব আৰু তেওঁ মানসিক আৰু শাৰীৰিকভাৱে অতি শক্তিশালী হ’ব।
বহুতে বিশ্বাস কৰে যে নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীৰ এই ৰক্ষক ভাৰতৰ পৰা আহিব। কাৰণ ভাৰত তিনিফালৰ পৰা সাগৰেৰে আগুৰি আছে। কেৱল সেয়াই নহয়, নষ্ট্ৰাডামুছে কয়, “পাঁচখন নদীৰ বাবে বিখ্যাত দেশত এজন দক্ষ ৰাজনীতিবিদৰ জন্ম হ’ব। তেওঁ শত্ৰুৰ উন্মাদনাৰ অন্ত পেলাব।”
যদি আমি নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীবোৰ ভাৰতৰ প্ৰেক্ষাপটত ৰখা হয়, তেন্তে দেখা যায় যে ছটলেজ, বিয়াছ, ঝেলুম, চেনাব, আৰু ৰবি – এই পাঁচখন নদী সিন্ধু নদী উপত্যকাত বৈ যায়। আৰু এতিয়া পাকিস্তানে হুংকাৰ দিছে যে ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু জল সন্ধি প্ৰত্যাখ্যান কৰাটো যুদ্ধৰ সমান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ