জন্মতাৰিখ অনুসৰি আমাৰ সকলোৰে এটাকৈ মূলাঙ্ক বা ৰোট নাম্বাৰ থাকে৷ জন্মতাৰিখৰ প্ৰতিটো সংখ্যাই পৰস্পৰৰ সৈতে যোগ কৰি ১ৰ পৰা ৯ৰ মাজত যি সংখ্যা পোৱা যায় সেয়াই হৈছে আমাৰ মুলাঙ্ক৷ মুলাঙ্ক ৪ৰ কথা যদি চাও তেন্তে মাহৰ ৪, ১৩,২২ আৰু ৩১ তাৰিখে যিসকলৰ জন্ম তেওঁলোকৰ মূলাঙ্ক হৈছে ৪৷ নিউমাৰলজি অনুসৰি ৪সংখ্যাৰ অধিপতি গ্ৰহ হৈছে ৰাহু৷ জানি থওক জীৱনৰ কোন সময়ত ৰাহুৰ কৃপাত সকলোতকৈ বেছি সাফল্য লাভ কৰে ৪মূলাঙ্কৰ জাতকে?
এজন মানুহৰ স্বভাৱ, প্ৰকৃতি, ব্যৱহাৰ, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক অৱস্থা এই সকলোবোৰ তেওঁৰ মূলাঙ্ক চাই বিচাৰ কৰা হয়৷ মূলাঙ্কৰ যি অধিপতি গ্ৰহ হয় সেই মূলাঙ্কৰ জাতকৰ ওপৰত সেই গ্ৰহৰ বিশেষ প্ৰভাৱ লক্ষ্য কৰা যায়৷ বৈদিক জ্যোতিষত ৰাহুক নিষ্ঠুৰ গ্ৰহ হিচাপে উল্লেখ কৰা আছে৷ কাৰোবাৰ কাৰোবাৰ ওপৰত অৱশ্যে ৰাহুৱে কৃপা বৰ্ষিত কৰে৷
প্ৰথমে সংকট তাৰপিছত সাফল্য
ৰাহুৰ প্ৰভাৱত ৪মূল্যাঙ্কৰ জাতকৰ জীৱনত আৰম্ভণিতে কিছু কিছু সমস্যা আহে৷ কিন্তু বয়স যিমানেই বাঢ়ি যায় সিমানেই সাফল্যৰ দিশে এওঁলোক আগুৱাই যায়৷ সাধাৰণতে দেখা গৈছে যে ৰাহুৰ প্ৰভাৱত ৪মূল্যাঙ্কৰ জাতকে ৪২ বছৰ বয়সৰ পাছত প্ৰচুৰ সাফল্য লাভ কৰে৷ ৰাহুৱে এওঁলোকৰ জীৱনত হঠাৎ পৰিবৰ্তন আনে৷ নিশাৰ ভিতৰতেই বিপুল সম্পত্তিৰ গৰাকী হৈ যাব পাৰে ৪মূল্যাঙ্কৰ জাতক৷
বাস্তৱবাদী
৪মূল্যাঙ্কৰ জাতক সদায় বাস্তৱবাদী হয়৷ এওঁলোকে যিকোনো বিষয় বাস্তৱজনোচিত ভাৱে চিন্তা কৰে৷ ইয়াৰোপৰি ৪মূল্যাঙ্কৰ জাতকে সকলো কাম পৰিকল্পনামতেই কৰে৷ এওঁলোকৰ প্ৰকৃতি ৰহস্যময় আৰু নিজৰ মনৰ কথা এওঁলোকে চিধাকৈ কোৱাৰ সলনি ঘূৰাই পকাই কৈ ভাল পায়৷
জেদী
৪মূল্যাংকৰ জাতকে ৰাহুৰ প্ৰভাৱত বেছ কিছু জেদ দেখুৱাই৷ এওঁলোকে নিজৰ জীৱন নিজৰ ইচ্ছামতে কটাই ভালপায়৷ অন্য কাৰোৰে পৰামৰ্শ শুনিবলৈ এওঁলোকে মুঠেও পছন্দ নকৰে৷ ইয়াৰোপৰি বেছ কিছু বেয়া অভ্যাস আৰু নিচা থাকে এই ৪মূল্যাঙ্কৰ জাতকৰ৷ এই সকলোবোৰেৰে এওঁলোকে নিজেই নিজৰ জীৱন ধ্বংসও কৰে৷
সাজি কাচি ভালপায়
এওঁলোকে সকলো সময়তে নিজৰ চৌপাশ পৰিষ্কাৰকৈ ৰাখি ভালপায়৷ এওঁলোকে কদৰ্যময় পৰিবেশ মুঠেও পছন্দ নকৰে৷ সকলো সামৰি নাৰাখিলে এওঁলোকৰ জীৱনত ৰাহুৰ অশুভ প্ৰভাৱো আহি পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ