অসম লাইভ ২৪ঃ মধ্যপ্ৰদেশ চৰকাৰত অন্তর্ভুক্ত হ’ল ২৮ জনকৈ নতুন মন্ত্ৰী। শিৱৰাজ সিং চৌহানৰ নেতৃত্বত গঠিত মধ্যপ্ৰদেশ চৰকাৰৰ ২৮ জনকৈ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৰাজ্যপাল আনন্দী বেন পেটেলে। শপতগ্ৰহণৰ এক লক্ষণীয় দিশ আছিল কংগ্ৰেছ এৰি গেৰুৱা বসন পিন্ধা জ্যোতিৰাদিত্য সিন্ধিয়া শিবিৰৰ আধিপত্য। সিন্ধিয়াৰ প্ৰভাৱত আনকি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পচন্দৰ বহু লোক বঞ্চিত হৈছে মন্ত্ৰিত্বৰ পৰা। এক ইংগিতধৰ্মী মন্তব্যৰে চৌহানে কয়- ‘মন্থনত অমৃতেই ওলায়; বিষ মহাদেৱেহে পান কৰে।’
মাৰ্চ মাহত ২২ বিধায়কৰে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিছিল ৰাহুল গান্ধীৰ একালৰ ঘনিষ্ঠ জ্যোতিৰাদিত্য সিন্ধিয়াই। তেতিয়াৰে পৰা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নোহোৱাকৈ মাথোঁ ৫ জন মন্ত্ৰীৰে চলি আছিল বিজেপিৰ শিৱৰাজ সিং চৌহানৰ চৰকাৰ। চৰকাৰীভাৱে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত বিলম্ব হোৱাৰ কাৰণ হিচাপে দেখুওৱা হৈছে ক’ৰোনা মহামাৰী আৰু ৰাজ্যসভাৰ নিৰ্বাচন।
ইপিনে, মন্ত্ৰিত্ব গ্ৰহণ কৰি মুখ্যমন্ত্ৰী চৌহানেৰে কান্ধনত কান্ধ মিলাই উন্নয়নৰ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি জ্যোতিৰাদিত্য সিন্ধিয়াৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ