সৌৰজগতৰ ৰজা হৈছে সূৰ্য৷ সূৰ্যই এটা এটা ৰাশিত এমাহ ধৰি অৱস্থান কৰে৷ বৰ্তমান সূৰ্য আছে কন্যা ৰাশিত৷ আগন্তুক ১৭ অক্টোবৰৰ বিয়লি ১ বাজি ৫৩ মিনিটত সূৰ্যই কন্যা ৰাশি এৰি তুলা ৰাশিত গোচৰ কৰিব৷ ১৬ নৱেম্বৰ পৰ্যন্ত সূৰ্যই তুলা ৰাশিতেই থাকিব৷ জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিত সূৰ্যৰ অৱস্থান গ্ৰহণৰ ফলত ভাল লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ৷ তিনি ৰাশিৰ জাতকে এই সময়ত নিজৰ জীৱনত উল্লেখযোগ্য পৰিবৰ্তন দেখা পাব৷ জানি থওক সূৰ্যৰ গোচৰৰ প্ৰভাৱত কাৰ কাৰ ভাগ্য উজলি উঠিব?
বৃষ ৰাশি
বৃষ ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত একাধিক উপায়েৰে লাভ কৰাৰ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ প্ৰতিযোগিতাত জয়ী হ’ব পাৰে৷ শত্ৰুক হৰুওৱাব পাৰে৷ স্বাস্থ্য সমস্যৰ পৰা মুক্তি পাব৷ আইনী গোচৰ চলিলে ৰায় আপোনাৰ পক্ষলৈ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ সুফল পাব৷ সকলো কামতেই সাফল্য পাব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সিংহ ৰাশিৰ তৃতীয় ঘৰত সূৰ্যৰ গোচৰত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ প্ৰকৃত শক্তি গম পাব৷ ব্যক্তিগত সম্পৰ্ক আৰু মজবুত হব৷ এই সময়ত কথোপকথনত উগ্ৰতা আনিলে অসুবিধাৰ সন্মুখীন হব৷
ধনু ৰাশি
ধনু ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ প্ৰভাৱত মনৰ ইচ্ছা পূৰণ হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ৷ পুৰণি বন্ধুৰ সৈতে নতুনকৈ যোগাযোগ গঢ়িব পাৰে৷ চাকৰিয়ালৰ উপাৰ্জন বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















