অসম লাইভ২৪ঃ আই চি চি এদিনীয়া বিশ্বকাপ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। আই চি চি বিশ্বকাপলৈ মাজত মাত্ৰ দুমাহ। আই চি চি আৰু বি চি চিআইৰ এটা যুঁটীয়া দলে ক্ৰিকেট ষ্টেডিয়ামসমূহ পৰিদৰ্শন আৰম্ভ কৰিছে। ভাৰতৰ কেইবাখনো ষ্টেডিয়ামত বিশ্বকাপ আয়োজন কৰাৰ গ্ৰীণ চিগনেল প্ৰদান কৰিছে বিচিচিআইৰ বিশেষ দলটোৱে। কোনকেইখন ষ্টেডিয়ামত হ’ব আই চিচি বিশ্বকাপ? খেল হ’বলগীয়া ষ্টেডিয়ামৰ এখন লিষ্ট ভাইৰেল হৈছে।
ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়াম
আই চি চি আৰু বি চি চিআইৰ এটা যুঁটীয়া দলে হিমাচল প্ৰদেশৰ ধৰ্মশালা ষ্টেডিয়াম পৰিদৰ্শন কৰিছে। বিশ্বকাপৰ প্ৰায় ৫খন খেল ইয়াত অনুষ্ঠিত হ’ব পাৰে। হিমাচল প্ৰদেশৰ ক্ৰিকেট সংস্থাই জনোৱা অনুসৰি কিছু অসুবিধা আছে এই অসুবিধা দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা যাব। কিন্তু বিশ্বকাপৰ পূৰ্বে এই ষ্টেডিয়াম সম্পূৰ্ণৰূপে সাঁজু কৰিব পৰা যাব বুলি জনাইছে হিমাচল ক্ৰিকেট সন্থাই।
ধৰ্মশালাত ৫ খন খেল অনুষ্ঠিত হ’ব
এদিনীয়া বিশ্বকাপ ২০২৩ৰ পাঁচখন খেল ধৰ্মশালা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰে কেইবাখনো মেচ ডে-নাইট বুলিও জনাইছে আয়োজকে। কোনকেইখন খেল তাত অনুষ্ঠিত হ’ব বুলি জনাইছে আয়োজকে?
অক্টোবৰ ৭ঃ প্ৰথম মেচ, বাংলাদেশ বনাম আফগানিস্তান
অক্টোবৰ ১০ঃ দ্বিতীয় মেচ, ইংলেণ্ড বনাম বাংলাদেশ
অক্টোবৰ ১৭ঃ তৃতীয় মেচ, দক্ষিণ আফ্ৰিকা বনাম নেদাৰলেণ্ড
অক্টোবৰ ২২ঃ চতুৰ্থ মেচ, ভাৰত বনাম নিউজিলেণ্ড
অক্টোবৰ ২৮ঃ পঞ্চম মেচ, অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড
ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথমখন খেলেই ধৰ্মশালাত অনুষ্ঠিত হ’ব। ধৰ্মশালাত খেল চাবলৈ ইতিমধ্যেই বহুজনেই আগ্ৰহী হৈ টিকটো বিচাৰিবলৈ আৰম্ভ কৰিছে। হিমাচল ক্ৰিকেট বৰ্ডে জনোৱা অনুসৰি ঘৰুৱা দলৰ লগতে সকলো বিৰোধী দলক হিমাচলী পৰম্পৰাৰে বিশেষ আদৰণি জনোৱা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















