• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

3 weeks ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

6 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

6 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

8 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

8 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

8 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

9 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

9 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

10 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

10 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

12 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

12 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

প্ৰায় ৩ মিনিটৰ বাবে দিনতেই হৈ পৰিব ঘোৰ এন্ধাৰ

editor by editor
August 5, 2026
in বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা ১২ আগষ্টত বিশ্বৰ কেইবাখনো দেশত এক বিৰল জ্যোতিৰ্বৈজ্ঞানিক ঘটনা সংঘটিত হ’ব। উক্ত দিনা পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত কিছুমান অঞ্চলত দিনতে নিশাৰ দৰে আন্ধাৰ নামিব। এই ঘটনাত চন্দ্ৰই সম্পূৰ্ণৰূপে সূৰ্যক ঢাকি পেলোৱাৰ ফলত সূৰ্যৰ পোহৰ সাময়িকভাৱে বন্ধ হৈ পৰিব। যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজেদি একে সৰলৰেখাত অতিক্ৰম কৰে তেতিয়া সূৰ্যগ্ৰহণ হয়। ফলত চন্দ্ৰৰ ছাঁ পৃথিৱীৰ এক সৰু অংশত পৰে আৰু সেই অঞ্চলৰ পৰা সূৰ্য সম্পূৰ্ণ বা আংশিকভাৱে আবৃত হোৱা দেখা যায়।

পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত চাৰিওফালে এক বিশেষ ধূসৰ পোহৰৰ পৰিৱেশ সৃষ্টি হয়। তাপমাত্ৰা কিছু হ্ৰাস পায়, ছাঁবোৰ অস্বাভাৱিক কোণত দেখা যায় আৰু বহু চৰাই-চিৰিকতি বা জন্তুৱে ইয়াক সন্ধিয়া বুলি ভাবি নিজৰ আশ্ৰয়লৈ উভতি যায়। প্ৰাচীন সভ্যতাসমূহে এনে ঘটনাক পৃথিৱীৰ অন্ত বা দেৱতাসকলৰ সংকেত বুলি বিশ্বাস কৰিছিল যদিও আধুনিক বিজ্ঞানে ইয়াৰ প্ৰকৃত বৈজ্ঞানিক কাৰণ স্পষ্ট কৰিছে।

কিয় হয় পূৰ্ণ সূৰ্যগ্ৰহণ?

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ মতে, সূৰ্য চন্দ্ৰতকৈ প্ৰায় ৪০০ গুণ ডাঙৰ। কিন্তু সূৰ্য পৃথিৱীৰ পৰা চন্দ্ৰতকৈ প্ৰায় ৪০০ গুণ দূৰত অৱস্থিত। এই আশ্চৰ্যজনক সংযোগৰ ফলতেই পৃথিৱীৰ নিৰ্দিষ্ট অঞ্চলৰ পৰা চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলাব পাৰে। তেতিয়া সূৰ্যৰ বাহ্যিক বায়ুমণ্ডল, যাক ‘কৰ’না (Corona) বুলি কোৱা হয়, খালী চকুতো স্পষ্টকৈ দেখা যায়।

১২ আগষ্টৰ সূৰ্যগ্ৰহণ ক’ত দেখা যাব?

এই পূৰ্ণ সূৰ্যগ্ৰহণ প্ৰথমে উত্তৰ ৰাছিয়াৰ দূৰৱৰ্তী অঞ্চলত দেখা যাব। তাৰ পিছত গ্ৰীনলেণ্ড, আইচলেণ্ড, স্পেইন আৰু পৰ্তুগালৰ উত্তৰ-পূব অংশ অতিক্ৰম কৰি আগবাঢ়িব।

স্পেইনত এই গ্ৰহণ মূলতঃ উত্তৰৰ অ’ভিয়েডো চহৰৰ পৰা আৰম্ভ কৰি Mallorca দ্বীপলৈকে দেখা যাব। উল্লেখযোগ্য যে, এই গ্ৰহণৰ পথ স্পেইনৰ সেই অঞ্চলসমূহৰ ওপৰেদিও যাব, য’ত শেহতীয়াকৈ ভয়ংকৰ বনজুইৰ ঘটনা সংঘটিত হৈছিল। বিজ্ঞানীসকলৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত এনে বনজুইৰ আশংকা বৃদ্ধি পাইছে।

কিমান সময় ধৰি দেখা যাব?

স্পেইনত পূৰ্ণ সূৰ্যগ্ৰহণ সূৰ্যাস্তৰ ঠিক আগতে দেখা যাব আৰু ইয়াৰ স্থায়িত্ব দুমিনিটতকৈও কম হ’ব। উদাহৰণস্বৰূপে, উত্তৰ স্পেইনৰ বুৰ্গ’ছ (Burgos) চহৰত প্ৰায় ১ মিনিট ৪৮ ছেকেণ্ড ধৰি দিনতেই আন্ধাৰ নামিব। ৰাছিয়া আৰু গ্ৰীনলেণ্ডৰ কিছুমান অংশত এই সময় অলপ বেছি হ’লেও আঢ়ৈ মিনিটতকৈ কমেই থাকিব। অৱশ্যে এইবাৰৰ ১২ আগষ্টৰ পূৰ্ণ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব। সেয়েহে ভাৰতৰ লোকসকলে এই জ্যোতিৰ্বৈজ্ঞানিক ঘটনাটো প্ৰত্যক্ষভাৱে উপভোগ কৰিব নোৱাৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Eclipse of the Sun
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো' এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.