আজিৰে পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে অ’লা, উবেৰ আৰু ৰেপিড’। আজিৰে পৰা অৰ্থাৎ ১ ছেপ্টেম্বৰ ২০২৬ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিব অনলাইন ৰেপিড’ আৰু কেব সেৱা। এই সিদ্ধান্তৰ ফলত দৈনিক কাম-কাজ, কাৰ্যালয়, ব্যৱসায়-বাণিজ্য অথবা অন্যান্য প্ৰয়োজনত অনলাইন কেবৰ ওপৰত নিৰ্ভৰ কৰা বহু যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। আজি পুৱতি নিশাৰে পৰা অহা বৰষুণজাকৰ বাবে বহুলোকে কেব সেৱাসমূহ বুকিং কৰিবলৈ চেষ্টা কৰিছে কিন্তু কেব পাবলৈ অসমৰ্থ হৈছে।
বৰ্তমান সময়ত চহৰ অঞ্চলত অনলাইন কেব সেৱা যাতায়াতৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। মোবাইল ফোনৰ জৰিয়তে অতি সহজে কেব বুকিং কৰি নিৰ্দিষ্ট স্থানলৈ যাব পৰা সুবিধাৰ বাবে বহু লোকেই ব্যক্তিগত বাহনৰ পৰিৱৰ্তে এই সেৱা ব্যৱহাৰ কৰে। বিশেষকৈ ব্যস্ত সময়ত অনলাইন কেব সেৱাই যাত্ৰীসকলক যথেষ্ট সকাহ দি আহিছে।
কিন্তু আজিৰে পৰা এই সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিলে যাত্ৰীসকলৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব। কেবৰ ওপৰত নিৰ্ভৰশীল কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, বয়োজ্যেষ্ঠ লোক তথা দৈনিক যাত্ৰা কৰা লোকসকলে বিকল্প যাতায়াতৰ ব্যৱস্থা বিচাৰিবলগীয়া হ’ব।
এই সিদ্ধান্তৰ আঁৰত থকা মূল কাৰণ, প্ৰতিকিলোমিটাৰ বিনিময়ত ভাৰাৰ নিৰিখ বৃদ্ধিৰ দাবী। কেৱল সেয়াই নহয়, Waiting charge প্ৰতি মিনিটত ২টকালৈ বৃদ্ধিৰ দাবী, Cancellation charge নূন্যতম ৫০ৰ পৰা ৮০ কৰাৰ দাবী। দাবী পূৰণৰ বাবে ৩১ আগষ্ট সময় বান্ধি দিছিল প্ৰতিবাদী চালক সন্থাই। যদি দাবী পূৰণ নহয় তেন্তে, ১ ছেপ্টেম্বৰৰ পৰাই খালী হৈ পৰিব বুলি কৈছিল ৰাজপথ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















