অসম লাইভ২৪ঃ বিগত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ হৈছে উত্তৰপ্ৰদেশত৷ এনকাউণ্টাৰত থিতাতে মৃত্যুক সাবটি লৈছে ৬৩ গৰাকী দুষ্কৃতিকাৰীয়ে৷ বৃহস্পতিবাৰে উত্তৰপ্ৰদেশ চৰকাৰে দাঙি ধৰিছে এই সমীক্ষা৷ উত্তৰপ্ৰদেশত ক্ষমতালৈ অহাৰ পিছতেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মূল লক্ষ্য হৈ পৰিছিল অপৰাধমূলক কাম সম্পূৰ্ণৰূপে বন্ধ কৰা৷ উত্তৰপ্ৰদেশক অপৰাধ শূন্য ৰাজ্য হিচাপে গঢ়ি তোলা৷ এই কাৰ্য কৰিবলৈ যাওতেই আৰক্ষীৰ হাতত বহু ক্ষমতা অৰ্পণ কৰিছিল যোগী আদিত্যনাথ চৰকাৰে৷
ৰাজ্যখনৰ আইন শৃংখলা বজাই ৰখাৰ বাবে যোগীৰ চৰকাৰে মাফিয়া, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ‘জি’ৰ টলাৰেন্স’ নীতি আনে৷ এই নীতি অনাৰ পাছৰে পৰাই যোগীৰ ৰাজ্যত চলিছে কেইবাহজাৰো এনকাউণ্টাৰ৷ এই এনকাউণ্টাৰত কোনো দুষ্কৃতিকাৰীৰ যদি মৃত্যু হৈছে কোনোবা গুৰুতৰভাৱে আহত হৈছে৷ এনকাউণ্টাৰক লৈ যোগী ৰাজ্যৰ আৰক্ষী বিষয়াই প্ৰকাশ কৰামতে এই সকলো এনকাউণ্টাৰ সুপ্ৰিম কৰ্টৰ নিৰ্দেশ মানিয়েই হৈছে৷
উত্তৰপ্ৰদেশ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ৬ বছৰত ১০,৫০০ এনকাউণ্টাৰ হৈছে৷ ২০২২ ৰ এপ্ৰিলৰ পৰা ২০২৩ ৰ মাৰ্চলৈ ১,০৬৬ টা এনকাউণ্টাৰ হৈছে৷ ২০১৭ ৰ মাৰ্চৰ পৰা ২০২২ৰ এপ্ৰিললৈ হোৱা মুঠ এনকাউণ্টাৰৰ সংখ্যা হৈছে ৯,৪৩৪টা৷ বিগত ৬ বছৰত আৰক্ষীৰ গুলীত নিহত হৈছে মুঠ ১৭৮টা দুষ্কৃতিকাৰীৰ৷ দুষ্কৃতিকাৰীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা আৰক্ষীৰ সংখ্যা হৈছে ১৫গৰাকী৷
মুখ্যমন্ত্ৰী যোগীৰ ‘ঠৌক দৌ’ এই শব্দটোক লৈয়েই বিতৰ্ক বৰ্তমানো অব্যাহত আছে৷ অখিলেশ যাদৱেও কেইবাবছৰ পূৰ্বেই এটা অভিযোগ আনিছিল, ‘যোগীয়ে কথাই কথাই কয়, গুলী চলাই দিয়ক৷ আৰক্ষীয়েও ঠৌক দৌ নীতি মানিয়েই এই কাম কৰি আছে৷’ উত্তৰপ্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে এইবৰ্ষৰ আৰম্ভনিৰ প্ৰথম ২মাহত আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ মাজত হতাহতিৰ ৯টাকৈ ঘটনা সংঘটিত হৈছে৷ উত্তৰপ্ৰদেশ আৰক্ষীয়ে দিয়া হিচাপ অনুসৰি ১০,৫০০ টা সংঘৰ্ষত ১৪০০ আৰক্ষী কৰ্মী আহত হৈছে৷ দুইপক্ষৰ মাজত হোৱা সংঘৰ্ষত ২৩ হাজাৰতকৈও অধিক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ২০২২ৰ ২৫ মাৰ্চৰ পৰা সেই বৰ্ষৰে জুলাই মাহলৈ তিনিমাহৰ ভিতৰত ৫২৫ টা এনকাউণ্টাৰ কৰিছে ইউপি আৰক্ষীয়ে৷
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা উত্তৰপ্ৰদেশ চৰকাৰে প্ৰকাশ কৰা তথ্য আৰু উত্তৰপ্ৰদেশ আৰক্ষীয়ে দিয়া তথ্য কিন্তু একে নহয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য সত্য নে উত্তৰপ্ৰদেশ চৰকাৰে তুলি ধৰা তথ্য সত্য সেয়াহে বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ