• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?

সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

39 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

1 hour ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?

বীৰুবালা ৰাভা ডাইনীৰ বিৰুদ্ধে প্ৰথম কণ্ঠ

editor by editor
May 13, 2024
in অসম, লেখা
0
সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশিষ্ট সমাজকৰ্মী তথা পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ দেহাৱসান। বিগত ২২ এপ্ৰিল তাৰিখৰ পৰা ষ্টেট কেন্সাৰ ইনষ্টিটিউট, জি.এম.চি এইছত ভৰ্ত্তি হৈ আছিল সমাজকৰ্মী  বীৰুবালা ৰাভা৷  ৪ মে তাৰিখে স্বাস্থ্যৰ অৱনতি হোৱাত ICU ত ভৰ্তি কৰাব লগা হৈছিল বীৰুবালা ৰাভাক৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বীৰুবালা ৰাভা৷ কৰ্কট ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল বীৰুবালা ৰাভা৷ ২০২১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে থিয় দিয়া বীৰুৱালা ৰাভাক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী বঁটাও।

বীৰুবালা সাধাৰণ হৈয়ো অসাধাৰণ কিয়?

ভিতৰুৱা গাঁৱৰ এখনৰ অন্ধবিশ্বাসী এচাম দুষ্টলোকৰ প্ৰৰোচনাত এদিন ডাইনী আখ্যা পাইছিল৷ একাংশ আক্ৰমণকাৰীয়ে তেঁওক মাৰিবলৈ খেদি আহিছিল৷ সেই আক্ৰমণৰ পৰা কথামপি হাত সাৰি আহিছিল বীৰুবালা৷ এই ঘটনাৰ পাছত তেওঁ সেই সমাজখনৰ সন্মুখত শিৰনত নহ’ল৷  ক্ষান্ত নহ’ল তেওঁ । আৰম্ভ কৰিলে এক যুদ্ধ। অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, ডাইনী প্ৰথাৰ বিৰুদ্ধে এই যুদ্ধ। ডাইনী প্ৰথাৰ বলি হোৱাসকলক ৰক্ষা কৰাৰ এক যুঁজ।

সেই ভিতৰুৱা গাঁৱৰ জনজাতীয় মহিলাগৰাকী আজি বিশ্ববিখ্যাত । শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা। এনে এগৰাকী নাৰী যি এক প্ৰতিবাদী কণ্ঠ ৰূপে থিয় দি সোণোৱালী ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰাই নহয়, সমাজৰ বাবেও তেওঁ দিছে বিশেষ বাৰ্তা৷ গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা অঞ্চল ঠাকুৰবিলা গাৱৰ বীৰুবালা ৰাভাই ডাইনী, অন্ধবিশ্বাস, কুসংস্কাৰক মাষিমুৰ কৰাত এক গুৰুত্বৰ্পূণ পদেক্ষপ গ্ৰহণ কৰি আহিছে । বীৰুবালা ৰাভা অকল গোৱালপাৰা জিলাৰে নহয়৷ সমগ্ৰ ৰাজ্যৰ বাবে অমূল্য সম্পদ। য’তেই অন্ধবিশ্বাস, ডাইনী সমস্যাই গা কৰি উঠে, তাতে বীৰুবালা ৰাভা হাজিৰ হৈ জনসধাৰাণক সুস্থ সমাজৰ বাৰ্তা বিয়পাই বীৰুবালাই৷

২১ বছৰ আগৰ বীৰুবালা ৰাভা

সময় তেতিয়া ১৯৮৫ চন। বীৰুবালা ৰাভাৰ নিজৰ ভাষাত, ‘সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত আমাৰ সংসাৰলৈ প্ৰথম সন্তান ধৰ্মেশ্বৰ আহিল । সৰুতে সি ঠিকেই আছিল। যেতিয়া ধৰ্মেশ্বৰ পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হয় তেতিয়া হঠাৎ স্নায়ু ৰোগত আক্ৰান্ত হ’ল৷ মাজে মাজে মুৰ্চাও গৈছিল৷ ওচৰতে পাব পৰাকৈ ডাক্তৰ নাছিল । এবাৰ বহু কষ্ট কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ গৈছিলো৷ সিমান সুফল পোৱা নাছিলো । সঠিক সময়ত সঠিক চিকিৎসা কৰিব পৰাকৈ আৰ্থিক অৱস্থাও টনকিয়াল নাছিল । পু্ত্ৰ ধৰ্মেশ্বৰৰ এনে অৱস্থা দেখি মোৰ দুখে কুলাই পাচিৰে নধৰা হৈছিল । বেজ, দেওধানীৰ শৰণাপন্ন হৈছিলো। দেওধানীয়ে মংগল চাই ক’লে যে ধৰ্মেশ্বৰৰ গাত পৰী লম্ভিছে আৰু পৰীজনী ৰ্বত্তমান গৰ্ভৱতী হৈ আছে। কাইলৈ বা পৰহিৰ ভিতৰত পৰীজনীয়ে সন্তান জন্ম দিব আৰু তিনিদিন পিছতে সি মৰি যাব। পিছে দেওধানীৰ কথামতে ধৰ্মেশ্বৰ নমৰিল, কিন্তু তাৰ অসুখ বাঢ়ি গৈ থাকিল। নৱম শ্ৰেণী পাওঁতে সি পাগল হ’ল। তাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হ’ল । অবশেষত ৰাইজে তাক হাত-ভৰি বান্ধি জন্তুৰ দৰে আবদ্ধ কৰি থব লগা হ’ল। ধৰ্মেশ্বৰ এনে অৱস্থা দেখি হিয়া ঢুকুৰিয়াই কান্দিছিলো। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত চিকিৎসাৰ বাবে শ্বিলং লৈ পঠাই দিলো। জীৱিত সত্বেও যৌৱন প্ৰাপ্ত অৱস্থাত নিজ পুত্ৰক বুকুৰ আঁতৰ কৰিব লগা হোৱাত শোকত ম্ৰিয়মান হৈ পৰিছিলো।’

এদিন মই নিজেই ডাইনী হৈ পৰিলো

বৰপুত্ৰৰ বিড়ম্বনাবোৰ মাৰ নৌ যাওঁতেই বীৰুবালাৰ স্বামী এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল। গাঁৱৰে এগৰাকী লোকে প্ৰৰোচনা কৰি কৈছিল যে ঘৰৰে বান, ঘৰৰে শান , ঘৰতে ডাইনী, ঘৰতে ভুতুনী । অৰ্থাৎ এই কথাৰ মূলভাব এইয়ে যে বীৰুবালা নিজেই ডাইনী হৈ নিজ ল’ৰাক পাগল আৰু স্বামীক বেমাৰী কাৰিছে। পিছে গাঁৱৰ ৰাইজে এনে মন্তব্যৰ ভিত্তিত মিটিং কৰাত বীৰুবালা ৰাভা আৰু তেখেতৰ স্বামীয়ে প্ৰতিবাদ কৰে৷ কিন্তু প্ৰতিবাদেও কোনো কামত নিদিলে৷ অৱশেষত গাওঁ এৰি পলাই আহিবলৈ বাধ্য হয় বীৰুবালা ৰাভা৷

বীৰুবালা ৰাভা ডাইনীৰ বিৰুদ্ধে প্ৰথম কণ্ঠ

১৯৯৯ চনৰ কথা, গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দান মন্দিৰৰ প্ৰাংগনত ৰাজহুৱা সভা হৈছিল। সভাত ঠাকুৰবিলা অঞ্চলৰ ৫ গৰাকী মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল। কিন্তু সেই সভাত বীৰুবালা ৰাভাই দুৰ্ভগীয়া মহিলাৰ পক্ষে থিয় হৈ কয়, “তেওঁলোক কেতিয়াও ডাইনী হ’ব নোৱাৰে, এয়া অন্ধবিশ্বাস৷’  বীৰুবালা ৰাভাই বুজাই দিছিল যে তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰক দেওধনীয়ে মৰিব বুলি কৈছিল, কিন্তু  সি আজিও জীয়াই আছে ৷ বেজ, দেওধানী চব ভণ্ড। কিন্তু অতি পৰিতাপৰ কথা যে এই আহ্বান, এই প্ৰতিবাদী কণ্ঠৰ বাবে সমাজে এঘৰীয়া কৰে বীৰুবালাক।

এখোজ দুখোজকৈ আৰম্ভণী

পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ বীৰুবালা ৰাভা এগৰাকী অত্যন্ত সাহসী মহিলা । সমাজে এঘৰীয়া কৰিলেও এইগৰাকী যোদ্ধা কিন্তু পিছ পৰি নাথাকিল। ইখনৰ পিছত সিখন গাঁৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলে খোজ কাঢ়ি ডাইনী অন্ধবিশ্বাস যে অযুক্তিকৰ ধাৰণা এই কথা বুজাই গ’ল। এনেদৰে এগৰাকী নহয় ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষাত তেওঁ অৱদান অতুলনীয়৷ ডাইনী বিৰোধী অভিযানৰ বাবে ২০০৫ চনত প্ৰজেক্ট থাউজেণ্ড উইমেনৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে বীৰুবালাই। লাহে লাহে বীৰুবালা ৰাভাৰ বিপক্ষে মাত মতা সকলে বুজি উঠে যে ডাইনী বুলি একো নাই, মাথো অন্ধবিশ্বাস আৰু সকলোৱে বীৰুবালা ৰাভাক পুনৰ আঁকোৱালি লয় ।

বীৰুবালা আৰু মিছন বীৰুবালা

বীৰুবালা ৰাভাৰ সাহস, সততা, দৃঢ়তা দেখি অসমৰ বহু অঞ্চলৰ যুৱক, যুৱতী, পুৰুষ, মহিলাই বিৰুবালাৰ এই যাত্ৰাৰ অংশীদাৰ হয়৷ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে বীৰুবালা ৰাভাৰ যাত্ৰাৰ সংগী হয়। ২০১২ চনত আনুষ্ঠানিক ভাবে জন্ম হয় ‘মিছন বীৰুবালা’। বীৰুবালা ৰাভাৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বীৰুবালাৰ ৰ্বত্তমান সদস্যৰ সংখ্যা ৮০০ ৰো অধিক। ইতিমধ্যে প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪ খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢাই আছে । উল্লেখযোগ্য যে মিছন বীৰুবালাই ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি, দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে৷

ইতিমধ্যে বহু সন্মানেৰে বিভূষিত হৈছে বীৰুবালা। ২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰি টি. ডি’ৰ পৰা ‘ৰিয়েল হিৰ’ খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা বঁটা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ, ডিও লাভ কৰ৷  এই যুঁজৰ অক্লান্ত সৈনিক বীৰুবালাই দীৰ্ঘদিন ধৰি কৰ্কটৰ বিৰুদ্ধে যুঁজ দি অৱশেষত বিদায় মাগিলে৷ ৭০ বছৰ বয়সত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কৰ্কট হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰিছে বীৰুৱালা ৰাভাই৷ পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ বিয়োগ সমাজ জীৱনৰ বাবেও অপূৰণীয় ক্ষতি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.