• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

1 year ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

13 minutes ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

24 minutes ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

2 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

2 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

4 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

5 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

6 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

7 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

editor by editor
May 5, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২২ চনৰ নৱেম্বৰ৷ যৌনতাৰ ফান্দত পৰি পাকিস্তানলৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাহ হৈছিল কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ৰ এগৰাকী কৰ্মী৷ তেওঁৰ বিৰুদ্ধে গুপ্তচৰবৃত্তিৰ অভিযোগ উঠিছিল৷ আৰক্ষীৰ দাবী আছিল তেওঁ হানিট্ৰেপৰ চিকাৰ হৈছে৷ ইয়াৰ পূৰ্বেও আৰু পাছতো গুপ্তচৰ সংস্থাৰ বহু অফিচাৰে যৌনতাৰ ফান্দত ভৰি দি দেশৰ গোপন তথ্য পাকিস্তানৰ হাতত তুলি দিয়া অভিযোগ কম নহয়৷ ২০১৫ চনত ভাৰতীয় বায়ুসেনাৰ অফিচাৰ কে কে ৰঞ্জিতকো একেধৰণেই ফচাইছিল পাক গুপ্তচৰ সংস্থাই৷

২০০৮ত ৰ’ ৰ অফিচাৰ মনমোহন শৰ্মাইয়ো হানিট্ৰেপৰ কৱলত পৰি দেশৰ বহু গোপন তথ্য তেঁওলোকৰ হাতত তুলি দিছিল৷ ২০০৭ চনতো ৰৰ আৰু দুজন অফিচাৰ ৰবি নায়াৰ আৰু কে ভি উন্নিকৃষ্ণণো এই ফান্দত পৰি তথ্য গতাই দিছিল পাকিস্তানক৷ হানিট্ৰেপত দেশৰ প্ৰতিৰক্ষা সংক্ৰান্তিয় খবৰ ফাঁছ কৰাৰ অভিযোগ উঠিছিল প্ৰাক্তন বিজেপি সাংসদ বৰুণ গান্ধীৰ বিৰুদ্ধেও৷

কিন্তু এই হানিট্ৰেপ প্ৰকৃততে কি? পশ্চিমৰ দেশসমূহত হানিট্ৰেপিং বিষয়টো খুবেই প্ৰচলিত৷ ইংৰাজী সাহিত্যত হানিট্ৰেপ শব্দটো প্ৰথমে আহে জন লে কাৰৰ লেখা টিঙ্কাৰ, টেলৰ, ছোলজাৰ, স্পাই নামৰ নভেলৰ মাধ্যমেৰে৷ ১৯৭৮ চনত সেই উপন্যাসকেই প্ৰথম হানিট্ৰেপ শব্দটো ব্যৱহাৰ কৰা হৈছিল৷ পাছলৈ ধীৰে ধীৰে সেয়া বহুলভাৱে প্ৰচলিত হ’ব ধৰে৷ সুন্দৰ কোনো নাৰী বা পুৰুষক টোপ হিচাপে ব্যৱহাৰ কৰি কাৰোবাৰ পৰা কোনো গোপন নথি উলিয়াই নিয়াৰ বাবে হানিট্ৰেপৰ ফান্দ পতা হয়৷

যিসমূহ নাৰী বা পুৰুষক এই কামত ব্যৱহাৰ কৰা হয় তেওঁলোকে তেওঁলোকৰ সংগী হিচাপে বাচি লোৱা অইন ব্যক্তিজনৰ ব্যক্তিগত মুহূৰ্তৰ ছবি বা ভিডিঅ’ তুলি সেয়া দেখুৱাই ব্লেকমেইল কৰে৷ বহুসময়ত বিবাহ বহিৰ্ভূত সম্পৰ্ক ধৰিবলৈকো কাৰোবাক হানিট্ৰেপ হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷

শীৰ্ষ ভাৰতীয়া অধিকাৰীসকলক হানিট্ৰেপত পেলোৱাৰ অভিযোগ বহুদিন ধৰিয়েই উঠি আহিছে৷ পাকিস্তানৰ বিৰুদ্ধে এই অভিযোগ বহুসময়ত উঠি আহিছে৷ ২০২২ চনৰ এক ৰিপৰ্টত প্ৰকাশ পাইছিল যে হানিট্ৰেপৰ ফান্দত ভৰি দিছিল জাতীয় নিৰাপত্তাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ কেইবাজনো বিষয়া৷ ২০২১ চনত এক সংবাদ প্ৰকাশ পাইছিল যে পাকিস্তানে ‘অপাৰেছন হায়দৰাবাদ’ নামৰ এক অভিযান চলাই ভাৰতৰ ২০০ সেনাক হানিট্ৰেপৰ ফান্দত পেলাইছে৷ অৰ্থনীতি ডুবন্ত অৱস্থাৰ মাজতো পাকিস্তানে বাহাল ৰাখিছে ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ কৰ্মীক হানিট্ৰেপ কৰাৰ বাবে ISIৰ দ্বাৰা পৰিচালিত এক বিশেষ বিভাগ৷ সেই নিৰ্দিষ্ট বিভাগটোৰ বাবে বাৰ্ষিক ৩৫০০ কোটি টকা মুকলাই দিয়ে দুখীয় দেশখনে৷

সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি কেৱল হানিট্ৰেপৰ প্ৰশিক্ষণ দিয়াৰ বাবে এখন বিশ্ববিদ্যালয়ো খুলিছে ৰাওৱালপিণ্ডিৰ সেনা সদৰ দপ্তৰে৷ পাকিস্তানৰ স্থানীয় কলেজসমূহৰ পৰা বাচি বাচি ৯০০ গৰাকী সুন্দৰী তৰুণীক নিয়োগ কৰা হৈছে সেই বিশ্ববিদ্যালয়ত৷ তাতেই ভাৰতীয় সেনা বিষয়াসকলক যৌনতাৰ ফান্দত কেনেকৈ পেলাব তাৰ প্ৰশিক্ষণ দি থকা হৈছে সুন্দৰী তৰুণীসকলক৷ পাক সেনাৰ এটা বিশেষ ইউনিট ৪১২ য়ে সিন্ধ প্ৰদেশৰ হায়দৰাবাদৰ পৰা চলাই আছে হানিট্ৰেপিঙৰ কাম৷ কিন্তু কেনেকৈ প্ৰশিক্ষণ দিয়া হয় তৰুণীসকলক?

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি প্ৰথমে সেই পাক তৰুণীসকলক নাম সলনি কৰি পূজা, মুছকান, হৰলিন, ববিতা ইত্যাদি ৰখা হয়৷ ইয়াৰ পাছতেই চলে যৌনতাৰ ফান্দত পেলোৱা প্ৰশিক্ষণ৷ পাঞ্জাৱী, ৰাজস্থানী, হিন্দি আৰু কেইবাটাও ভাষা শিকোৱা হয় তেওঁলোকক৷ কেৱল সেয়াই নহয় তেওঁলোকৰ চালচলন, আচাৰ ব্যৱহাৰ, পোছাক পিন্ধাৰ ধৰণ সকলোবোৰ সলনি কৰোৱা হয়৷ এনেকৈ প্ৰশিক্ষণ দিয়া হয় যে পাক গুপ্তচৰ বুলি জানিব পৰাৰ বিন্দুমাত্ৰও উপায় নাথাকে৷

মিছন চলোৱাৰ বাবে কলেজৰ ছাত্ৰীসকলৰ ওপৰিও স্থানীয় যৌনকৰ্মী আৰু দুখীয়া মহিলাসকলক কামত লগোৱা হয়৷ তেওঁলোকক পাকিস্তান ইণ্টেলিজেন্স অপাৰেটিভে প্ৰশিক্ষণ দিয়ে৷ পাক সেনাৰ কেপ্টেইন পদমৰ্যাদাৰ অধিকাৰীসকলে মহিলাসকলক প্ৰশিক্ষণ দিয়ে৷ পাক সেনাৰ এই মহিলাসকলৰ বিভিন্ন নামেৰে পৰিচয়পত্ৰ তৈয়াৰ কৰি দিয়া হয়৷ যাৰ জৰিয়তে বাধাহীনভাৱে তেওঁলোকে ভিছা উলিয়াই ভাৰতত প্ৰৱেশ কৰে৷ ভাৰতলৈ নাহিলেও বিভিন্ন হোটেল বুক কৰি হোটেলৰ পৰাই চিকাৰ ধৰাৰ বাবে জাল মেলি দিয়ে৷ হোটেল একোখনক ঘৰৰ দৰে দেখুৱাই বিভিন্ন নামী দামী ভাৰতীয় অফিচাৰক টাৰ্গেট কৰে৷

যদি ভিডিঅ’ কলৰ মাধ্যমেৰে ফান্দ পতা হয় তেন্তে সেই ঘৰত হিন্দু দেৱ দেৱীৰ ছবি দি এনেকৈ সজোৱা হয় যে তেওঁলোকক অহিন্দু বুলি কবলৈ কোনো পথেই বিচাৰি পোৱা নাযায়৷ তেনেকৈ প্ৰথমে বন্ধুত্ব গঢ়ে৷ নিজকে ভাৰতীয় তৰুণী বা মহিলা বুলি পৰিচয় দিয়ে৷ তাৰপিছতেই ঘনিষ্ঠ কথোপকথন৷ শেষত নগ্ন ছবি বা ভিডিঅ’ বিচাৰি জালত পেলায়৷ আৰু সেই ভিডিঅ’ চেভ কৰি ৰাখি ব্লেকমেইল কৰে৷ দেশ সম্পৰ্কীয় যাৱতীয় তথ্য বিচাৰি ব্লেকমেইল কৰে৷ ভয় ভাবুকি দি ধনো সৰকাই৷

২০২৩ চনৰ মে মাহত গুপ্তচৰবৃত্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেছনৰ বিজ্ঞানী প্ৰদীপ কুৰুলকৰক৷ তেওঁৰ বিৰুদ্ধে অভিযোগ যে হানিট্ৰেপৰ ফান্দত পৰি দেশৰ প্ৰতিৰক্ষা সংক্ৰান্তিয় অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল কিছু তথ্য পাক গুপ্তচৰ সংস্থাৰ এগৰাকী মহিলা কৰ্মীক দিছিল৷ তদন্তত নামি মহাৰাষ্ট্ৰৰ সন্ত্ৰাস দমন শাখাই জনাই যে সেই মহিলাৰ সৈতে দেখা কৰি ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ সংক্ৰান্তিয় গোপন তথ্য দেখোৱাব বুলি জনাইছিল সেই বিজ্ঞানীয়ে৷

উল্লেখ কৰা প্ৰয়োজন যে হানিট্ৰেপৰ ফান্দত ভৰি দিলেও ভাৰতীয় বিষয়াসকলৰ বেছিভাগে এই ফান্দ ধৰিব পাৰে৷ যাৰ বাবে প্ৰতিনিয়ত চেষ্টা কৰিও ব্যৰ্থ হৈছে পাক গুপ্তচৰ সংস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য
বিনোদন

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

August 30, 2026
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

August 30, 2026
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!
জীৱনশৈলী

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

August 30, 2026
Next Post
কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.