ভাৰতীয় সেনা মেজৰ জেনেৰেলৰ ডাঙৰ তথ্য- পাকিস্তান সেনাৰ লক্ষ্য আছিল স্বৰ্ণ মন্দিৰ
পাকিস্তান সেনাই পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰকো আক্ৰমণ কৰাৰ বাবে লক্ষ্য কৰাৰ চেষ্টা কৰিছিল যদিও ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আকাশ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি পাকিস্তানৰ কুৎসিত কাৰ্যক বিফল কৰি পেলালে।
এই সন্দৰ্ভত ১৫ নং ইনফেণ্ট্ৰি ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জে অ’ চি) মেজৰ জেনেৰেল কাৰ্তিক চি শ্বেছাদ্ৰীয়ে এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে।
মেজৰ জেনেৰেলে কয় যে পাকিস্তান আৰু পি অ’ কেৰ ৯টা সন্ত্ৰাসবাদী স্থানত ভাৰতে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ৭-৮ মে’ৰ নিশা অমৃতসৰৰ স্বৰ্ণ মন্দিৰক ড্ৰ’ন আৰু মিছাইলেৰে লক্ষ্য কৰি লোৱাৰ প্ৰয়াস কৰিছিল।
মেজৰ জেনেৰেল কাৰ্তিকে কয় যে ভাৰতীয় সেনা ইতিমধ্যে এই আক্ৰমণ বন্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে, স্বৰ্ণ মন্দিৰত আক্ৰমণৰ সম্ভাৱনা আছে।
আজি ভাৰতীয় সেনাই আকাশ ক্ষেপণাস্ত্ৰকে ধৰি বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই অমৃতসৰৰ স্বৰ্ণ মন্দিৰ আৰু পঞ্জাৱৰ চহৰসমূহক পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা কৰিছিল তাৰ এক ডেমো প্ৰদৰ্শন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















