অসম লাইভ২৪ঃ অস্কাৰৰ মঞ্চত কোনো দেশৰ ছবিয়ে মনোনয়ন পোৱটোৱেই গৌৰৱৰ কথা। এইবাৰ ভাৰতৰ চুুবুৰীয়া দেশ পাকিস্তানৰ এখন ছবি অস্কাৰৰ বাবে মনোনিত হৈছে। পাক পৰিচালক ছইম ছাদিকৰ ছবি ‘জয়লেণ্ড’ ছবিখন অস্কাৰৰ বাবে মনোনিত হৈছে। বিগত মাহৰ ৬ অক্টোবৰত ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছিল প্ৰযোজকে। কিন্তু মুক্তিৰ কিছুদিন পূৰ্বেই পাক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পাকিস্তানৰ ১১ খন ৰাজ্যত নিষিদ্ধ কৰিছে ‘জয়লেণ্ড’ ছবিখন।
অস্কাৰত মনোনিত হোৱাৰ আগতেই পৰিচালক ছাইম ছাদিকে এই ছবিখন কাঁ মহোৎসৱত প্ৰদৰ্শন কৰিছিল। ‘জয়লেণ্ড ছবিখনৰ বাবেই কাঁ মহোৎসৱত চৰ্চা হৈছিল পাকিস্তানৰ। কিন্তু এই ছবিখনেই নিজৰ দেশত প্ৰদৰ্শন কৰিব নিদিলে পাক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে।
ছবিখনত কি দেখুওৱা হৈছে?
ছবিখনৰ কাহিনীয়ে পাকিস্তানৰ পুৰুষতান্ত্ৰিক ভাৱধাৰাৰ ওপৰত আঘাত হানিছে। ছবিখনৰ প্ৰধান চৰিত্ৰটো পাকিস্তানৰ এগৰাকী কট্টৰপন্থী পৰিয়ালৰ সন্তান। পৰিয়ালটোৱে আশা কৰিছিল যে ভৱিষ্যতে সন্তানে বিয়া কৰাব, পুত্ৰসন্তানৰ জন্ম দি বংশটোক আগুৱাই নিব। কিন্তু সেয়া হৈ নুঠিল। তাৰ বিপৰীতে সন্তানে যোগ দিলে ইৰোটিক ডান্স গ্ৰুপত। সেই গ্ৰুপৰেই এগৰাকী নৰ্তকীৰে প্ৰেম হ’ল পুত্ৰৰ। এই কাহিনীটোৱেই মানি ল’বলৈ টান পালে পাক সমাজে। এই ছবিত অভিনয় কৰিছে আলি জুনেজা, আলিনা খান, ৰাস্তি ফাৰুক, ছোহেল সমীৰকে ধৰি কেইবাজনো আগশাৰীৰ অভিনেতাই। এই ছবিখন পাকিস্তানত নিষিদ্ধ কৰাৰ কাৰণো দাঙি ধৰিছে, পাক সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ মতে ‘জয়লেণ্ড’ ছবিখনে দেশৰ সংস্কাৰ বিৰোধী সেয়ে এই ছবিখন দেখুওৱাত বাধা দিয়া হৈছে। কিন্তু চৰকাৰে লোৱা এই সিদ্ধান্তক পাকিস্তানৰ একাংশ দৰ্শকেও তীব্ৰ ভাৱে গৰিহনা দিয়া পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ