আপুনি মই ভাৱিব নোৱাৰা এক নিদাৰুণ সত্য৷ প্ৰেমিকৰ প্ৰেমত কিমান পাগল হ’লে এগৰাকী প্ৰেয়সীয়ে এনে কাম কৰিব পাৰে৷ সপোনতো ভাৱিব নোৱাৰা কথাকেই প্ৰেমিকৰ বাবে সঁচা কৰি দিলে এগৰাকী যুৱতীয়ে৷ প্ৰেমিকৰ প্ৰেমত ইমানেই উন্মাদ হৈ পৰিল যে পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ ১৩ জন লোকক হত্যা কৰিলে যুৱতীগৰাকীয়ে৷ সকলোৰে খাদ্যত বিষ মিহলাই হত্যা কৰে পৰিয়ালৰ এজন এজনকৈ সকলো সদস্যক। পাকিস্তানৰ সিন্ধ প্ৰদেশত এই ভয়ংকৰ ঘটনা৷
যুৱতীগৰাকীয়ে তেওঁৰ পৰিয়ালে পছন্দৰ প্ৰেমিকলৈ বিয়া নিদিও বুলি কোৱাৰ বাবেই হত্যা কৰিছে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক৷ এই হত্যাকাণ্ডত যুৱতীগৰাকীৰ প্ৰেমিকো জড়িত হৈ আছে৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকৰ সৈতে যুৱতীক৷
প্ৰেমিকৰ সৈতে বিয়া দিব খোজা নাছিল পৰিয়ালে
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ১৯ আগষ্টত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ খৈৰপুৰৰ সমীপৰ হাইবাট খান ব্ৰহী গাঁৱত সংঘটিত হৈছিল এই ঘটনা। যুৱতীগৰাকীৰ পৰিয়ালে যুৱতীৰ প্ৰেমিকক পছন্দ নকৰাৰ কথা যুৱতীক জনাই দিছিল৷ কোনো কাৰণতে এনে প্ৰেমিকৰ সৈতে তাইক বিয়া নিদিয়ে সেই কথাও জনাইছিল৷ এই কথাই ছোৱালীজনীক ইমানেই অসন্তুষ্ট কৰি তুলিলে যে তাই মাক-দেউতাককে ধৰি পৰিয়ালৰ সকলোকে হত্যা কৰি পেলায়৷
আঁটাত মিহলাই দিছিল বিষ
ছোৱালীজনীয়ে ৰুটি বনাবলৈ ব্যৱহাৰ কৰা আঁটাত বিষ মিহলাই পৰিয়ালৰ লোকক দিলে। খাইৰপুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ইনায়ত শ্বাহে জনোৱা মতে, ১৩ জন সদস্যই খাদ্য খোৱাৰ পিছতেই অসুস্থ হৈ পৰে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই আটাইকেইগৰাকীৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত বিষযুক্ত খাদ্য খোৱাৰ ফলতেই আটাইকেইজনৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে৷
যুৱতীয়ে স্বীকাৰ কৰিছে নিজা অপৰাধ
আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি ঘৰত ৰুটি বনাবলৈ ব্যৱহাৰ কৰা আঁটাত এই বিষ মিহলাই দিয়াৰ কথা স্বীকাৰ কৰিছে৷ এই কামত তেওঁক প্ৰেমিকেও সহায় কৰাৰ কথা তেওঁ জনাইছে৷ ইতিমধ্যে আৰক্ষীয়ে দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















