অসম লাইভ২৪ঃ অনুৰাগীসকলৰ বাবে আন এটা সুখবৰ দিছে জনপ্ৰিয় কণ্ঠশিল্পী আতিফ আছলামে। আতিফৰ সংসাৰলৈ আহিছে আন এগৰাকী নতুন অতিথি। সদ্যোজাত কন্যা সন্তানৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কণ্ঠশিল্পী আতিফ আছলামে। ছবিত কন্যাৰ মুখ ঢাকি ৰাখিছে আতিফে। কন্যাৰ পূৰ্বেও আতিফৰ আছে দুটাকৈ পুত্ৰ সন্তান। আব্দুল আহাদ আৰু আৰিয়ান আছলামৰ পাছত এইবাৰ আতিফৰ সংসাৰলৈ আগমন ঘটিছে এগৰাকী কন্যাৰ।
সামাজিক মাধ্যমত কন্যা সন্তানৰ ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত আতিফে লিখিছে, অৱশেষত অপেক্ষাৰ অৱসান ঘটিন। মোৰ হৃদয়ৰ ৰাণীজনী ধৰালৈ আহিল। মাতৃ-কন্যা দুয়োৱেই বৰ্তমান সুস্থ। আমাৰ বাবে আপোনালোকেও যেন প্ৰাৰ্থনা কৰে।’ আতিফে তেওঁৰ কন্যাৰ নাম দিছে হালিমা। শিল্পীগৰাকীয়ে দিয়া এই সুখবৰটোৰ পাছতেই বহুতেই তেওঁক শুভেচ্ছাও জনাইছে।
উল্লেখ্য যে, ২০১৩ চনত ছাৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আতিফ। লাহোৰতেই গায়ক আতিফে সম্পন্ন কৰিছিল বিবাহৰ অনুষ্ঠান। তাৰপাছতেই ২০১৪ চনত আতিফৰ প্ৰথম সন্তান আব্দুলৰ জন্ম। ২০১৯ চনৰ ছাৰা আৰু আতিফৰ মাজলৈ আহে দ্বিতীয়টো সন্তান আৰিয়ান। শেহতীয়াভাৱে কালিৰ দিনটোৰ তৃতীয়বাৰৰ বাবে পিতৃত্বৰ গৌৰৱেৰে গৌৰৱাম্বিত হৈছে গায়ক আতিফ আছলাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ