অসম লাইভ২৪ঃ সেই বিশেষ অধ্যাদেশ, যি অধ্যাদেশে ৰাহুল গান্ধীৰ সদস্যপদ আজি ৰক্ষা কৰিব পাৰিলহেতেন৷ ছেপ্টেম্বৰ ২০১৩, সেই সময়তে ইউপিএ চৰকাৰে এখন অধ্যাদেশ আনিছিল৷ সেই অধ্যাদেশত লিখা আছিল কেইটামান চৰ্তৰ কথা৷ যি কেইটা চৰ্তৰ সহায়ত কোনো সাংসদে কিবা কাৰণত দোষী হিচাপে পৰিগণিত হ’লেও তেওঁলোকৰ সাংসদ বা বিধায়ক পদ সহজে কোনেও কৰ্তন কৰিব নোৱাৰিব৷
এই অধ্যাদেশ অনাৰ সময়ত ৰাহুল গান্ধী কংগ্ৰেছৰ উপাধ্যক্ষ পদত আছিল৷ তেতিয়া ৰাহুলে অধ্যাদেশখনক উপলুঙা কৰি কৈছিল, ‘অপৰাধী সাংসদ-বিধায়কক ৰক্ষা কৰিব পৰা এনে অধ্যাদেশৰ প্ৰয়োজনীয়তা কি? এনে অধ্যাদেশ ফালিয়েই পেলাব লাগে৷’ ইয়াৰোপৰি অধ্যাদেশ সন্দৰ্ভত ৰাহুলে কৈছিল, ‘যদি আমি দুৰ্নীতি, অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব লাগেই তেন্তে এনে অধ্যাদেশ আমাক প্ৰয়োজন নাই৷ এই অধ্যাদেশে আমাক শিৰনত হে কৰাব৷ আমি যদি এইধৰণৰ সৰু সুৰা বুজাপৰা কৰো তেন্তে পাছলৈ আমি ডাঙৰ ডাঙৰ বিষয়তো বুজাপৰা কৰিব লগা হ’ব৷ সেয়ে এই অধ্যাদেশ আমাক মুঠেও নালাগে৷’
প্ৰায় ১০ বছৰ পূৰ্বে ৰাহুলে কৰা এই কামেই আজি ৰাহুলৰ বাবেই বিপজ্জনক হৈ ধৰা দিছে৷ ১০ বছৰ পূৰ্বে ৰাহুলে বেয়া পোৱা অধ্যাদেশখন থকা হ’লে হয়তো আজি ৰাহুলে সাংসদ পদ হেৰুৱাব নালাগিল হেতেন বুলিও বহুতেই মন্তব্য কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ