অসম লাইভ২৪ঃ ছলমান খানলৈ বাৰে বাৰেই আহে হত্যাৰ ভাবুকি৷ সেয়ে ছলমান খানৰ ঘৰৰ সন্মুখত প্ৰতিসময়তে থাকে কাঢ়া নিৰাপত্তাৰক্ষী৷ অভিনেতাজনক এবাৰ চাবৰ বাবেই তেওঁৰ বান্দ্ৰাস্থিত ঘৰত ভীৰ কৰেহি বহু অনুৰাগীয়ে৷ সমাগমৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা স্বত্ত্বেও বহু অনুৰাগীয়ে ভীৰ কৰে বাসভৱনৰ সন্মুখত৷ মুম্বাই আৰক্ষীয়ে শেহতীয়াভাৱে বৃদ্ধি কৰিছে ছলমান খানৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা৷ ২৪ ঘণ্টাই ছলমানৰ নিৰাপত্তাৰ বাবে দুজন সহকাৰী আৰক্ষী উপপৰিদৰ্শকৰ লগতে ৮ৰ পৰা ১০জন আৰক্ষী মোতায়েন কৰিছে৷ নিৰাপত্তাৰ বাবে মুম্বাই আৰক্ষীয়ে বিশেষ ভুমিকা ল’লেও ছলমানৰ সৈতে সকলো সময়তে থাকে তেওঁৰ দেহৰক্ষী শ্বেৰা৷ শ্বেৰাক ছলমানেও পৰিয়ালৰ সদস্যৰ দৰেই জ্ঞান কৰে৷
গুজৱ অনুসৰি শ্বেৰা ইমানেই বিশ্বস্ত যে ছলমানৰ বিষয়ে পৰিয়ালে নজনা বহু কথাই জানে শ্বেৰাই৷ দীৰ্ঘ ২৯ বছৰ ধৰি শ্বেৰা ছলমানৰ সৈতে আছে৷ সূত্ৰৰ খবৰ অনুসৰি ছলমানৰ সৈতে থাকিয়েই শ্বেৰাই মাহিলী লাভ কৰে ১৫ লাখ টকা৷ বছৰী শ্বেৰাৰ আয় প্ৰায় ২ কোটি টকা৷ কেৱল ছলমানৰেই এনে দেহৰক্ষী আছে তেনে নহয়৷ কিছুদিন পূৰ্বে শ্বাহৰুখৰ ঘৰ, ‘মন্নত’ত অনধিকাৰ প্ৰৱেশ কৰিছিল দুজন যুৱকে৷ বান্দ্ৰা আৰক্ষীয়ে বাংলোৰ ভিতৰৰ পৰা দুই যুৱকক পিছদিনা পুৱাই আটক কৰে৷ যুৱক দুজনৰ উদ্দেশ্য অন্য একো নাছিল কেৱল প্ৰিয় শিল্পীক কাষৰ পৰা এবাৰ চাবহে খুজিছিল দুই যুৱকে৷ শ্বাহৰুখৰ সৈতেও থাকে ৰবি সিংহ নামৰ এজন দেহৰক্ষী৷ ৰবি শ্বাহৰুখৰ সৈতে প্ৰতিসময়তে লগত থাকে৷ সূত্ৰৰ খবৰ অনুসৰি ৰবিয়ে শ্বেৰাতকৈয়ো বেছি দৰমহা পায়৷ বছৰত ২.৫ কোটিতকৈয়ো অধিক আয় ৰবিৰ৷ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত ৩ নম্বৰ স্থানত আছে অমিতাভ বচ্চনৰ দেহৰক্ষী৷ অমিতাভ বচ্চনৰ দেহৰক্ষী জীতেন্দ্ৰ সিন্ধে বছৰি প্ৰায় ২.৫ কোটি আয় কৰে৷
তাৰপিছতেই জনপ্ৰিয় দেহৰক্ষীৰ ভিতৰত এজন হৈছে অক্ষয় কুমাৰৰ দেহৰক্ষী৷ অক্ষয়ৰ সৈতে থাকে শ্ৰেছ নামৰ এজন দেহৰক্ষী৷ কেৱল অক্ষয়েই নহয় তেওঁৰ পুত্ৰ আৰৱৰ সৈতেও প্ৰায়েই দেখা যায় শ্ৰেছক৷ শ্ৰেছাই অক্ষয় কুমাৰৰ দেহৰক্ষী হিচাপেই বছৰি আয় কৰে ১ কোটি ২০ লাখ টকা৷ আমিৰ খানৰ নিৰাপত্তাৰক্ষীও বেছ জনপ্ৰিয়৷ আমিৰৰ দেহৰক্ষী যুৱৰাজে বছৰি পাৰিশ্ৰমিক হিচাপে লাভ কৰে প্ৰায় ২ কোটি টকা৷
বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকাৰ নিৰাপত্তা ব্যৱস্থাও যথেষ্ট উন্নত৷ বিভিন্ন সময়ত দেশ বিদেশৰ বহু অনুষ্ঠানত ভাগ ল’বলৈ যোৱাৰ সময়ত দীপিকাৰ কাষত থাকে তেওঁৰ দেহৰক্ষী জালাল৷ বহু বছৰ ধৰি জালাল দীপিকাৰ সৈতে আছে৷ সূত্ৰৰ খবৰ অনুসৰি জালালে পাৰিশ্ৰমিক হিচাপে বছৰি আয় কৰে ১ কোটি ২০ লাখ টকা৷ দীপিকাৰ দেহৰক্ষীৰ সমানেই দৰমহা পায় অনুষ্কা শৰ্মাৰ দেহৰক্ষীয়েও৷ অনুষ্কাৰ দেহৰক্ষী প্ৰকাশে বছৰি লাভ কৰে ১ কোটি ২০ লাখ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ