অসম লাইভ২৪ঃ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহ৷ ২৪ তাৰিখে উদয়পুৰত অনুষ্ঠিত হ’ব বিবাহৰ অনুষ্ঠান৷ বিবাহৰ বাবে ইতিমধ্যে উদয়পুৰলৈ ৰাওনা হৈছে পৰিণীতি আৰু ৰাঘৱ৷ সামাজিক মাধ্যমত ৰাঘৱ আৰু পৰিণীতিৰ বিবাহক লৈ বিভিন্ন চৰ্চাও বহুদিন ধৰি চলি আছে৷ ৰাঘৱ পৰিণীতি উদয়পুৰলৈ ৰাওনা হোৱাৰ পাছতেই বিবাহৰ এক অধিসূচনাও ভাইৰেল হৈ পৰিছে৷ বিবাহৰত উপস্থিত থকা অতিথিয়ে মানি চলিব লাগিব বিশেষ নীতি নিৰ্দেশনা৷
বিবাহৰ বাহৰৰ বাহিৰত থাকিব কটকটীয়া নিৰাপত্তা
সূত্ৰৰ খবৰ অনুসৰি ৰাঘৱ-পৰিণীতিৰ বিবাহ বাহৰৰ বাহিৰত চিকিউৰিটিৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ অনুষ্ঠানত ভাগ ল’বলৈ অহা অতিথিকো নজৰদাৰী কৰাৰ অন্ততহে ভিতৰলৈ সোমাবলৈ দিয়া হ’ব৷
১০০ গৰাকী ছিকিউৰিটি গাৰ্ড থাকিব ভিতৰত
ইণ্ডিয়া টুডেৰ ৰিপৰ্ট অনুসৰি পৰী-ৰাঘৱৰ বিবাহবাহৰৰ ভিতৰত থাকিব ১০০ গৰাকী ছিকিউৰিটি গাৰ্ড৷ বিবাহ বাহৰৰ কাষত থকা লেকৰ চৌদিশেও থাকিব কটকটীয়া নিৰাপত্তা৷
ফোন হাতত ৰখাসকলে মানিব লাগিব এইকেইটা চৰ্ত
পৰী-ৰাঘৱৰ বিবাহ বাহৰত ফোন হাতত ৰখাৰ অনুমতি আছে৷ কিন্তু বিবাহ বাহৰৰ ভিতৰত কোনোৱে ফটো ল’ব নোৱাৰিব৷ বিয়ালৈ অহা সকলো অতিথিৰ ফোনত গেটতেই নীলা টেপ লগাই দিয়া হ’ব৷ এই টেপ কোনোৱে আঁতৰ কৰিব নোৱাৰিব৷ কোনোৱে বিবাহ বাহৰৰ ভিতৰত ফটো তুলি সেয়া ভাইৰেল কৰিব নোৱাৰিব৷ যদি কোনোৱে সেই ফটো শ্বেয়াৰ কৰে তেনেহ’লে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ হোটেললৈ অহা সকলো অতিথিকেই ভালদৰে স্কেন কৰা হ’ব আৰু পৰীক্ষা কৰাৰ পিছতহে, ভিতৰলৈ আহিবলৈ দিয়া হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















