অসম লাইভ২৪ঃ ইমতিয়াজ আলৰ পৰিচালনাত অমৰ সিং চমকিলাৰ অভিনয়ৰ বাবে ইতিমধ্যে প্ৰশংসিত হৈছে পৰিণীতি চোপ্ৰা৷ সম্প্ৰতি চিনেমা ইণ্ডাষ্ট্ৰীত তেওঁৰ যাত্ৰাৰ আৰম্ভণিৰ দিনবোৰ কেনে আছিল সেই কথা নিজেই ভগাই লৈছে পৰিণীতি চোপ্ৰাই৷ ৰাজ ছামানিৰ সৈতে পডকাষ্ট অনুষ্ঠানত নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰৰ কথা শ্বেয়াৰ কৰিছে পৰিণীতিয়ে৷
পৰিণীতিয়ে কয়, ‘মই ৰাণী মুখাৰ্জীৰ হৈ দিন বৌলে হাৰিপ্পা, দিপীকা পাডুকন আৰু নীল নিতিন মুকেশৰ লাফাঙ্গে পাৰিন্দেৰ প্ৰচাৰত অংশ লৈছিলো৷ অনুষ্কা আৰু ছাহিদ কাপুৰৰ বদমাছ কোম্পানীৰ হৈয়ো কাম কৰিছো৷ যশৰাজৰ ষ্টুডিঅ’ত ইণ্টাৰ্ণ হিচাপে মোৰ শেষৰ খন ছবি আছিল বেণ্ড বাজা বাৰাত৷ তেতিয়া মই তাত তেওঁলোকৰ বাবে কফি অৰ্ডাৰ কৰো৷ ইণ্টাৰ্ণ হৈ থকাৰ সময়ত সাংবাদিকৰ সৈতে চেলিব্ৰিটিৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিয়াৰ কামো কৰিছো৷ যশৰাজ ফিল্মছৰ সৈতে ডেৰ বছৰ কাম কৰাৰ পাছত সেই চাকৰি ত্যাগ কৰো৷ এনেই ঘৰতে বহি থাকোতে এদিন হঠাৎ আদিত্য চোপ্ৰাৰ ফোন আহে৷ সেই ফোনেই মোৰ কেৰিয়াৰ আৰু জীৱন দুয়োটাই সলনি হৈ যায়৷ মই অবাক হৈ গৈছিলো তেওঁ মোক ফোন কৰিছে৷’
ফোনতেই আদিত্যই সেই সময়ত পৰিণীতিক যশৰাজৰ সৈতে তিনিখন চিনেমাৰ চুক্তিত স্বাক্ষৰ কৰোৱাৰ কথা কৈছিল৷ কাষ্টিং ডাইৰেক্টৰ চানু শৰ্মাৰ সৈতে পৰিণীতিৰ অডিছনৰ ভিডিঅ’ পছন্দ হৈছিল আদিত্য চোপ্ৰাৰ৷ ইয়াৰ ঠিক এমাহ পাছত লেডিজ ভাৰ্ছেচ ৰিকি বহেলৰ অফাৰ লাভ কৰে পৰিণীতিয়ে৷ ইয়াৰ পাছতেই প্ৰায় ১১ বছৰ যশৰাজৰ নায়িকা হিচাপে কাম কৰে পৰিণীতিয়ে৷ ইছকজাদে, হাছি তৌ ফাছি, মেৰি প্যাৰি বিন্দুৰ দৰে চিনেমাও পৰিণীতিয়ে দৰ্শকক উপহাৰ দিছে৷
অমৰ সিং চমকিলাত পৰিণীতি
পঞ্জাৱৰ এলভিছ প্ৰিছলি ওৰফে গায়ক অমৰ সিং চমকিলাৰ বায়োপিকত দেখা গৈছে পৰিণীতিক৷ অমৰ সিঙৰ ভূমিকাত অভিনয় কৰিছে গায়ক অভিনেতা দিলজিৎ দোচাঞ্জ, দ্বিতীয়া পত্নীৰ ভূমিকাত অভিনয় কৰিছে পৰিণীতি চোপ্ৰাই৷ এই ছবিৰ বাবে নিজৰ প্ৰায় ১৬ কিঃগ্ৰাঃ ওজনো বৃদ্ধি কৰিছে পৰিণীতিয়ে৷ ইয়াৰোপৰি সেই ওজন বৃদ্ধিৰ সৈতেই বিবাহতো বহিছে পৰিণীতি৷ এখন চিনেমাৰ বাবে এইখিনি আত্মত্যাগ দিয়াটো তেনেই সাধাৰণ কথা বুলিও উল্লেখ কৰিছে পৰিণীতিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ