জয় হোৱাৰ পাছতো অবৈধ ঘোষিত খেল, অথলে গ’ল ভাৰতীয় খেলুৱৈৰ কষ্ট
৪০ মিনিট ধৰি অতি কষ্ট কৰি খেল এখনত জয়ী হোৱাটো কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। তাতে আৰু অলিম্পিকৰ দৰে এখন প্ৰতিযোগিতাত হৰা-জিকাৰ কিমান গুৰুত্ব আছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই।
পাছে এগৰাকী ভাৰতীয় খেলুৱৈৰ সকলো কষ্ট অথলে গ’ল এখন খেলৰ পাছত। ৪০ মিনিট ধৰি যুঁজ দি জয়ী হোৱাৰ পাছত অলিম্পিক আয়োজক কমিটিয়ে খেল খন অমান্য তথা অবৈধ ঘোষিত কৰে।
বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ (BWF) নিয়ম অনুসৰি এই ঘটনা ঘটিছে। এতিয়া প্ৰবীণ শ্বাটলাৰ লক্ষ্য সেনে পুনৰ গ্ৰুপ ৰাউণ্ডৰ মেচ খেলিব লাগিব।
দেওবাৰে পেৰিছ অলিম্পিক-২০২৪ত গুৱেটামালাৰ কেভিন কৰ্ডেনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ৪০ মিনিটৰ এই খেলখনত ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে ২১-৮, ২২-২০ গ’লত জয়লাভ কৰিছিল। এই জয়েৰে লক্ষ্য সেনে অলিম্পিকত বিজয়ী অভিষেক ঘটায়। এতিয়া লক্ষ্য সেনৰ এই বিজয় অবৈধ বুলি ঘোষণা কৰা হৈছে। পুনৰ গ্ৰুপ ষ্টেজৰ মেচ খেলিব লাগিব।
পাছে কিয় অবৈধ ঘোষণা কৰা ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰ গ্ৰুপ পৰ্যায়ত খেলখন! কাৰণ লক্ষ্য সেনে পৰাস্ত কৰা খেলুৱৈজন আঘাতৰ বাবে অলিম্পিকৰ পৰা বাহিৰ হৈছিল। ভাৰতীয় শ্বাটলাৰগৰাকীৰ হাতত পৰাস্ত হোৱা গুৱেটামালাৰ কেভিন কৰ্ডনে কঁকালৰ আঘাতৰ বাবে টুৰ্ণামেণ্ট এৰিছে। কেভিন কৰ্ডেনে প্ৰতিযোগিতা এৰি যোৱাৰ পাছত ভাৰতীয় শ্বাটলাৰগৰাকীৰ কঠোৰ পৰিশ্ৰম অসাৰ হৈ পৰিল।
বি ডব্লিউ এফৰ নিয়ম অনুসৰি কোনো খেলুৱৈ যদি গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হয় তেন্তে সকলো মেচ ষ্টেণ্ডিঙৰ পৰা আঁতৰাই দিয়া হয়। এই নিয়মৰ উদ্দেশ্য হৈছে প্ৰতিযোগিতাত ন্যায়পৰায়ণতা বজাই ৰখা আৰু বাকী খেলুৱৈসকলে যাতে সমান পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। একে নিয়ম অনুসৰি ইণ্ডোনেছিয়াৰ তৃতীয় ছিড খেলুৱৈ জনাথন ক্ৰীষ্টি আৰু বেলজিয়ামৰ জুলিয়েন কাৰাগিৰ বিৰুদ্ধে কেভিন কৰ্ডেনৰ খেলো বাতিল কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ