১৬২ আহত, ৩৬ জনে হেৰুৱালে প্ৰাণ দুই জনগোষ্ঠীৰ মাজত যুঁজ
পাকিস্তানত ছিয়া আৰু চুন্নী সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত ৩৬ জন লোক নিহত হোৱাৰ বিপৰীতে ১৬২ জনতকৈ অধিক লোক আহত হৈছে। এই যুঁজখন হৈছিল মাটি এটুকুৰাক লৈ। এই গোচৰটো উত্তৰ-পশ্চিম পাকিস্তানৰ আপাৰ কুৰৰাম জিলাৰ বছেৰা গাঁৱৰ সৈতে জড়িত।
বিষয়াসকলৰ মতে, পাঁচ দিন পূৰ্বে দুয়োটা জনগোষ্ঠীৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। অৱশ্যে দুয়োটা গোটৰ মাজত চলি থকা যুদ্ধ এতিয়াও শেষ হোৱা নাই আৰু জিলাখনৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি।
কুৰৰামৰ উপ আয়ুক্ত জাভেদুল্লাহ মেহছুদে কয় যে জনজাতিসমূহৰ মাজত হোৱা যুদ্ধত ৩৬ জন নিহত হোৱাৰ লগতে ১৬২ জন আহত হৈছে। খাইবাৰ পাখতুনখোৱাৰ কুৰৰাম জিলাত বিগত পাঁচ দিন ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।
আফগানিস্তানৰ গাতে লাগি আছে খাইবাৰ পাখতুনখোৱা। এই জনগোষ্ঠী দুটা ক্ৰমে ছিয়া আৰু চুন্নী পন্থাৰ অন্তৰ্গত। কৰ্তৃপক্ষই জনজাতীয় নেতা, সামৰিক নেতৃত্ব, আৰক্ষী আৰু জিলা প্ৰশাসনৰ জৰিয়তে ছিয়া আৰু চুন্নী গোটৰ মাজত চুক্তিৰ দালালি কৰিছে। চুক্তি স্বাক্ষৰিত হোৱা জিলাসমূহৰ ভিতৰত আছে বোছেৰা, মালিকেল আৰু দন্দৰ।
স্থানীয় ৰাইজৰ মতে দুয়োটা জনগোষ্ঠীয়ে অত্যাধুনিক অস্ত্ৰৰে ইজনে সিজনৰ ওপৰত গুলীচালনা কৰাৰ লগতে হস্ত নিৰ্মিত বোমাও নিক্ষেপ কৰে। পাৰাচিনাৰ আৰু ছাদ্দাই অন্যান্য অঞ্চলৰ লগতে ইজনে সিজনৰ বিৰুদ্ধে মৰ্টাৰ শ্বেল আৰু ৰকেট লঞ্চাৰ ব্যৱহাৰ কৰিছিল। কওঁ যে কুৰৰাম জনগোষ্ঠীৰ বিশাল এলেকা আছে।
অন্যান্য ক্ষেত্ৰত আপোচত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও কয় বিষয়াগৰাকীয়ে। এটুকুৰা মাটিক লৈ পাঁচ দিন পূৰ্বে আৰম্ভ হৈছিল ছিয়া আৰু চুন্নীৰ মাজত হিংসাত্মক ঘটনা। অৱশ্যে অতি সোনকালেই ই পেৱাৰ, টাংগী, বালিশখেল, খাৰ কলাই, মকবাল, কুঞ্জ আলিজাই, পাৰা চামকানি আৰু কৰ্মন অঞ্চললৈ বিয়পি পৰে।
বিষয়াসকলে জনোৱা মতে, যোৱা নিশাৰ পৰা দুয়োটা জনগোষ্ঠীৰ মাজত চাৰিবাৰকৈ কাজিয়া সংঘটিত হৈছে, যাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই হিংসাৰ পৰিপ্ৰেক্ষিতত বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান। দিনৰ ভাগত যান-বাহনো বন্ধ কৰি দিয়া হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ