জয় হোৱাৰ পাছতো প্ৰথমখন খেল অবৈধ, হাৰ নামানি দ্বিতীয়খনত আচৰিত ধৰণে জয়
এগৰাকী ভাৰতীয় খেলুৱৈৰ মনোবল দেখি অনুপ্ৰাণিত হৈছে বিশ্বৰ খেল সমাজ। প্ৰথমখন কেলত বহু কষ্টৰে কেলি জয় হোৱাৰ পাছত খেল খনেই অবৈধ ঘোণা কৰি দিছিল অলিম্পিক সন্থাৰ ফালৰ পৰা। পাছে সেই সিদ্ধান্তত হাৰ নামানি পুনৰ দ্বিতীয়খন খেলৰ বাবে সাজু হয় ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন।
দ্বিতীয় খন খেলত দেহ প্ৰাণ লগাই দিয়ে জয় হবৰ বাবে। আৰু আচৰিত ধৰণে জয় হয় সেই খেল খনতো। বিপক্ষৰ শ্বট অতি সুন্দৰ তথা কৌশলেৰে প্ৰতিহত কৰে লক্ষ্য সেনে। যি কৌশল দেখি এতিয়া সহশ্ৰ জনে বাঃ বাঃ দিছে ভাৰতীয় শ্বাটলাৰ গৰাকীক।
টাইবানৰ চু টিন চেনক ১৯-২১, ২১-১৫,২১-১২ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। এই বিজয়ৰ লগে লগে এক অভিলেখো গঢ়ে ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে। ভাৰতৰ ইতিহাসত প্ৰথমগৰাকী পুৰুষ শ্বাটলাৰ হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰে।
এতিয়া পদকৰ আশাৰে যুঁজ দিব লক্ষ্য সেনে। উল্লেখ্য যে, লক্ষ্য সেনৰ প্ৰথমখন খেলত লক্ষ্যই গ্বাটেমালাৰ কেবিন কাৰ্ডেনত পৰাস্ত কৰিছিল। পাছে কেবিনে পাছত আঘাতপ্ৰাপ্ত হোৱাত অলিম্পিকৰ পৰা বাহিৰ হয়। সেয়ে অলিম্পিকৰ নিয়ম অনুসাৰে কোনো খেলুৱৈ আঘাত পাই খেলৰ পৰা বাহিৰ হলে সেই খেলুৱৈয়ে খেলা প্ৰত্যকখন খেলেই অমান্য ততা অবৈধ্য ঘোষণা কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ