অসম লাইভ ২৪ঃ সুৰংগৰে বিমান উৰুৱাই বিশ্ব ৰেকৰ্ড এগৰাকী ষ্টাণ্ট পাইলটৰ৷ ঘণ্টাত ১৫০ মাইল গতিবেগত সুৰংগত বিমান উৰুৱালে ষ্টাণ্ট পাইলট ডাৰিঅ’ ক’ষ্টাই৷ তুৰ্কীৰ ইষ্টানবুলত ১,১৬০ মিটাৰ দৈৰ্ঘ্যৰ দুটা টানেলেৰে বিমান উৰুৱাই একেসময়তে ৫টাকৈ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ডাৰিঅ’ ক’ষ্টা৷ সকলোতকৈ দীঘল সুৰংগত বিমান উৰুৱাৰ ৰেকৰ্ড, প্ৰথমবাৰৰ বাবে সুৰংগত বিমান উৰুৱাৰ ৰেকৰ্ড, প্ৰত্যাহ্বানৰ মাজেৰে অদিক সময়লৈকে বিমান উৰুওৱাৰ ৰেকৰ্ড, প্ৰথমবাৰৰ বাবে দুটা সুৰংগত বিমান উৰুৱাৰ ৰেকৰ্ড আৰু প্ৰথম বাৰৰ বাবে সুৰংগৰ পৰা বিমান অৱতৰণ কৰাৰ ৰেকৰ্ড গঢ়িলে ষ্টাণ্ট পাইলট ডাৰিঅ’ ক’ষ্টাই৷ এই সফল অভিযান পাছতে আৱেগিক হৈ পৰে ডাৰিঅ’ ক’ষ্টা৷ এই অভিযানৰ বাবে তেওঁক ১ বছৰ সময়ৰ প্ৰয়োজন হৈছিল হৈছিল আৰু ৪০ গৰাকী ব্যক্তিৰ এটা টীম জড়িত হৈ আছিল বুলি উল্লেখ কৰে পাইলটগৰাকীয়ে৷ Zivco Edge 540 ৰেচিং বিমান উৰুৱাইছিল পাইলট ডাৰিঅ’ ক’ষ্টাই৷
so Dario Costa just became the first person to fly a plane through TWO tunnels and we are literally speechless🤯 #givesyouwiiings #worldrecord pic.twitter.com/Uk3RFqeVPZ
— Red Bull (@redbull) September 4, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ